শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে শক্তিশালী গণতন্ত্ৰৰ প্ৰয়োজনঃ ১০০ শতাংশ ভোটদানেৰে গণতন্ত্ৰক শক্তিশালী কৰাৰ আহ্বান লোক জাগৰণ মঞ্চ অসমৰ…

শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে শক্তিশালী গণতন্ত্ৰৰ প্ৰয়োজন আৰু শক্তিশালী গণতন্ত্ৰৰ বাবে ভোট দানৰ প্ৰতি ৰাইজৰ জনজাগৰণৰ প্ৰয়োজন ৷ এই মন্তব্য লোক জাগৰণ মঞ্চ অসমৰ ৷ আজি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃটিত লোক জাগৰণ মঞ্চ অসমৰ কেন্দ্ৰীয় নেতা তথা যুৱ সমাজকৰ্মী, যুৱ নেতা নিত্যাৰঞ্জন দলেই এই আহ্বান জনাইছে ৷ তেওঁ বিবৃটিত জনোৱা মতে গণতন্ত্ৰ ৰক্ষা কৰিবলৈ আমাৰ দেশৰ জনগণে ১০০ শতাংশ ভোটদান কৰিবই লাগিব ৷ ভাৰত বৰ্ষৰ দৰে বিশাল দেশৰ সৰ্বাত্মক বিকাশৰ বাবে কেন্দ্ৰত এখন স্থায়ী তথা শক্তিশালী কেন্দ্ৰীয় চৰকাৰৰ প্ৰয়োজন ৷

বিবৃটিখনৰ মতে অসমবাসী ৰাইজক বিগত ষষ্ঠদশ আৰু সপ্তদশ লোকসভা নিৰ্বাচনৰ সময়তো লোক জাগৰণ মঞ্চই ১০০ শতাংশ ভোটদানৰ বাবে সমগ্ৰ দেশৰ জনসাধাৰণক আহ্বান জনাইছিল আৰু ভোটদানৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছিল ৷ ফলত কেন্দ্ৰত আমি শক্তিশালী তথা স্থায়ী চৰকাৰ লাভ কৰিছিলোঁ ৷  সমাগত অষ্টাদশ লোকসভা নিৰ্বাচনটো আমি ১০০ শতাংশ ভোটদান কৰিলে আমি দেশত এখন  স্থায়ী চৰকাৰ  লাভ কৰিম আৰু সুস্থ-সবল এখন গণতান্ত্ৰিক সবল চৰকাৰ গঠন কৰিব পাৰিম ৷ তেওঁলোকে জনোৱা মতে দেশে স্বাধীনতা লাভ কৰাৰ আগৰে পৰা আমাৰ উত্তৰ-পূবৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰসমূহৰ দ্বাৰা উদাসীনতাৰ ভাৱ দেখা পাইছিল ৷

আনকা কেন্দ্ৰীয় নেতৃত্বই অসমক পূৱ পাকিস্তানৰ লগত অন্তৰ্ভুক্ত কৰিবলৈও উঠিপৰি লাগিছিল ৷ স্বাধীনতা লাভৰ পাছতো উত্তৰ-পূৰ্বাঞ্চলক চীনৰ হাততেই অৰ্পণ কৰাৰ পৰিকল্পনা কৰিছিল ৷ তেওঁলোকৰ অসম বিৰোধী এই স্থিতিয়ে  অসম তথা উত্তৰ-পূব দিল্লীৰ পৰা বহুদূৰ বুলি ভাৱিবলৈ বাধ্য কৰাইছিল ৷ কিন্তু আজি দুটা দশকত এনে ধাৰণা নোহোৱা হৈছে ৷ আমি ভোটৰ ক্ষেত্ৰত সজাগ হোৱাৰ বাবে দিল্লী বহু দূৰ নহয় অতি ওচৰ চাপিহে অহা বুলি বিবৃটিখনত উল্লেখ কৰিছে ৷ বিবৃটিখনত ৰাষ্ট্ৰৰ অখণ্ডতাৰ লগতে  অসমৰ সকলো জাতি-জনজাতিৰ  ভাষা-সংস্কৃতি, ঐতিহ্য, লোক পৰম্পৰা সুৰক্ষিত কৰিবলৈ এখন শক্তিশালী গণতন্ত্ৰৰ প্ৰয়োজনীয়তা আছে বুলি উল্লেখ কৰিছে ৷

Related Articles