Breaking

নাজিৰাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় সোণাৰিলৈ স্হানান্তৰকৰণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

0 2,029

নাজিৰা মহকুমাত অৱস্হিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডল কাৰ্যালয়টি অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত অনুসৰি চৰাইদেউ জিলাৰ সোণাৰিলৈ স্হানান্তৰ কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে আজি নাজিৰাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷নাজিৰা ,শিৱসাগৰ ,ডিব্ৰুগড় ,তিনিচুকীয়া জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সমিতিয়ে নাজিৰাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি কোনো কাৰণতে কাৰ্যালয়টো স্হানান্তৰ কৰিবলৈ দিয়া নহব বুলি উল্লেখ কৰি অনিৰ্দিষ্ট দিনলৈ আন্দোলন চলাই যাব বুলি সকিয়াই দিয়ে ৷ ঠিকাদাৰ সমিতিৰ শতাধিক কৰ্মীয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰি বি জে পি নেৰ্তৃত্বাধীন চৰকাৰ হায় হায় , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ , জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী মূৰ্দাবাদ , নাজিৰা সংমণ্ডল কাৰ্যালয় সোণাৰীলৈ স্থানান্তৰ কৰণৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰক আদি বিভিন্ন শ্ল’গানেৰে ধৰ্ণা দি উত্তাল কৰি তোলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডল কাৰ্যালয় চৌহদ । পিছত নাজিৰা , শিৱসাগৰ , ডিব্ৰুগড় , তিনিচুকীয়া জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সমিতিৰ সভাপতি ৰমেশ কুমাৰ শৰ্মা আৰু সম্পাদক অপূৰ্ব লাহনৰ স্বাক্ষৰেৰে কাৰ্যালয়টি স্থানান্তৰ কৰণৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত জিলা উপায়ুক্ত আৰু মুখ্যমন্ত্ৰীলৈ এখনিকৈ স্মাৰক পত্ৰ প্ৰদান কৰে । 

Leave A Reply