Breaking

ৰাজনৈতিক দলৰ নেতাৰ সভাপতি পতাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

0 2,477

ওদালগুৰি জিলাৰ পূব প্ৰান্ত ওৰাংত অৱস্থিত জিলাখনৰ অন্যতম মহাবিদ্যালয় হিচাপে পৰিচিত শিক্ষানুষ্ঠান হল ওৰাং কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয় । উক্ত মহাবিদ্যালয় খন আজিৰ পৰা প্ৰায়ে  বিগত ৩১ বছৰ ধৰি ওৰাঙ বাসী ৰাইজৰ আপ্ৰাণ চেষ্টা, ৰাইজৰ অৰ্থ শ্ৰম দানৰ ফলত প্ৰাণ পাই উঠা তথা ওদালগুৰি জিলাৰ লগতে পাশ্বৱৰ্তী শোণিতপুৰ জিলাৰ ছাত্ৰ ছাত্ৰীক  জ্ঞানৰ পোহৰ বিলাই অহা একমাত্ৰ মহাবিদ্যালয় হিচাপে পৰিচিত এই ওৰাঙত অৱস্থিত কলাগুৰু বিষ্ণুৰাভা স্নাতক  মহাবিদ্যালয় খনে বহু উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে ।৩/৪গৰাকী মাফিয়াৰ সহযোগত  এনে এক উল্লেখযোগ্য শিক্ষানুষ্ঠানত এতিয়া চলিব ধৰিছে স্বয়ং অধক্ষৰ মাফিয়াগিৰিৰ লগতে চুড়ান্ত অৰাজকতা । স্থানীয় ৰাইজে দিয়া অভিযোগ মৰ্মে ওৰাঙ অঞ্চলৰ প্ৰায়ে বোৰ গাঁওৰ ৰাইজৰ শ্ৰম দান ,অৰ্থ দানৰ লগতে স্থানীয় ৰাইজে বহু কষ্টেৰে বিগত ৩১ বছৰ উক্ত মহাবিদ্যালয় খন জীয়াই ৰখাৰ ফলস্বৰূপে চলিত বর্ষত ওৰাঙৰ এই মহাবিদ্যালয় খন চৰকাৰী কৰণ হৈছে । ওৰাং বাসী ৰাইজে চাৰি দশক ধৰি কৰা অপেক্ষাৰ অন্তত চলিত বৰ্ষত চৰকাৰী কৰণ হোৱাত মহাবিদ্যালয় খন প্ৰতিষ্ঠা কৰা অঞ্চল বাসী ৰাইজ আনন্দিত হৈছিল । কিন্তু আশ্বৰ্যকৰ কথাটো হল যে চৰকাৰী কৰণ হোৱা মাত্ৰেই উক্ত মহাবিদ্যালয় খনৰ অধক্ষ হিচাপে নিযুক্তি লাভ কৰা হাজং নামৰ লোকজনে মহাবিদ্যালয় খনত অৰাজকতা আৰম্ভ কৰাত স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে । ৰাইজে দিয়া অভিযোগ মৰ্মে মহাবিদ্যালয় খনৰ  হাজং নামৰ অধক্ষই ওৰাঙত জ্ঞানৰ পোহৰ বিলোৱা শিক্ষানুষ্ঠান খনৰ পৰিচলনা কৰাৰ ক্ষেত্ৰতো নিজৰ  খেয়ালখুচি  অনুসৰি   পৰিচালনা সমিতি গঠন কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ওৰাং অঞ্চলৰ সচেতন ৰাইজক হতভম্ভ কৰি অধক্ষ জনে কোনো স্থানীয় ৰাইজক খবৰ নিদিয়াকৈ আনকি মহাবিদ্যালয়খনৰ লগত বিশেষ ভাবে জড়িত,দাতা আদি কোনো লোককেই খবৰ বা নিমন্ত্ৰণ নিদিয়াকৈ এটা বন্ধ কোঠালিত ৰাজনৈতিক দলৰ নেতাক সভাপতি আৰু নিজে সম্পাদক আৰু নিজ কথা মতে উঠা বহা কৰিব পৰা মানুহক সদস্য হিচাপে ৰাখি ওৰাঙ কলাগুৰু বিষ্ণুৰাভা মহাবিদ্যালয় খনৰ পৰিচালনা সমিতি গঠন কৰাত বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে দুখ প্ৰকাশ কৰিছে । ওৰাং বাসী ৰাইজৰ চেষ্টাত প্ৰাণ পাই উঠা মহাবিদ্যালয় খনৰ অধক্ষৰ এনে কাৰ্যক সচেতন মহলে ধিক্কাৰ দিয়াৰ লগতে অসম চৰকাৰৰ শিক্ষা বিভাগক ওৰাং বাসী ৰাইজে অনুৰোধ জনাইছে যে ৰাজনীতিত জড়িত ব্যক্তি কলেজৰ পৰিচালনা কমিটিৰ সভাপতি পদত থাকিব নোৱাৰাৰ  আইন ৰাজ্য চৰকাৰে জাৰি কৰাৰ পিছতো কি যুক্তিত কি আইনত এই জন অধক্ষই ৰাজ্য চৰকাৰে দিয়া নিৰ্দেশনা  তথা আইন অমান্য কৰি ৰাজনীতিত থকা লোক তথা জন প্ৰতিনিধিক সভাপতি বাচনি কৰাৰ সাহস কৰিছে ৷ যদি এটা বিশেষ ৰাজনৈতিক দলেৰ সভাপতি পাতিব লগা তেনেহলে বিজেপি চৰকাৰ দিনতে বিজেপিক নেতা ,কৰ্মী বা অন্যান্য ৰাজনৈতিক দলৰ নেতা ,কৰ্মী  সকলক কিয় কোনোধৰণৰ পদবীত ৰখা নহল ৷আনকি ৭০নং মাজবাট বিধান সভা সমষ্টিৰ বিধায়ক ,পাচনৈ চেৰফাং সমষ্টিৰ এম চি এল এ ক কোনোধৰণৰ আমন্ত্ৰণনে কৰা নহল ৷গতিকে বিভাগীয় সম্পূৰ্ণ নীতি নিয়ম তথা আইন আদিবোৰ উলঙ্ঘা কৰি পৰিচালনা সমিতি খন গঠন কৰি সম্প্ৰতি মহাবিদ্যালয়খন এতিয়া আন্তৰাষ্ট্ৰীয় মাফিয়া ডন আৰ্হিত পৰিচালিত হোৱা দেখিবলৈ পোৱা গৈছে বুলি সচেতন নাগৰিক সমাজে অভিযোগ কৰিছে ৷

Leave A Reply