Breaking

দিহিং-পাটকাই অভয়াৰণ‍্য সুৰক্ষিত ৰখাৰ দাবীৰে সামাজিক মাধ‍্যমৰ জৰিয়তে ছাত্ৰ সমাজৰ প্ৰতিবাদ

0 71

কলিয়াবৰ

বহুজনে বহুজনক হয়তো সমুখত দেখা নাই, মুখামুখীকৈ কথা-বতৰা হোৱা নাই। দুখন জিলাৰ দুখন মহাবিদ‍্যালয়ৰ ছাত্ৰ-ছাত্ৰী। দুয়োখন মহাবিদ‍্যালয়ৰ মাজত আছে ভৌগোলিক ব‍্যৱধান। কিন্তু সামাজিক মাধ‍্যমৰ যোগেদি হোৱা পৰিচয়ৰে তেওঁলোকৰ মাজত আছে এক সুদৃঢ় আৰু যোগাত্মামক মানসিকতা। দেশৰ এই জটিল ক্ষণত, লকডাউনৰ পৰা তেওঁলোক গৃহবন্দী, বন্ধ আছে আনুষ্ঠানিক পাঠদান। অনলাইন, সামাজিক মাধ‍্যমৰ যোগেৰে শ্ৰেণীসমূহ চলিছে। তাৰ মাজতে অসমৰ বাবে নামি আহিল এক ভয়াৱহ অশনি সঙ্কট। ৰাজ‍্যৰ প্ৰকৃতিলৈ কঢ়িয়াই অনা এই ভয়াৱহ বাৰ্তাৰ বিৰুদ্ধে এক গোট আজিৰ ছাত্ৰ সমাজ। আধুনিক চিন্তাৰে সম্বৃদ্ধ আজিৰ ছাত্ৰ সমাজে ঘৰতে থাকি সামাজিক মধ‍্যমৰ জৰিয়তে দাঙি ধৰিছে প্ৰতিবাদৰ অভিনৱ উদাহৰণ। ৰাজ‍্যত দিহিং-পাটকাই অভয়াৰণ‍্য সুৰক্ষাৰ বাবে ৰাজ‍্যৰ সকলো স্তৰৰ ব‍্যক্তি, সংগঠন আগবাঢ়ি অহাৰ সময়ত পিচ পৰি ৰোৱা নাই কলিয়াবৰৰ ছাত্ৰ সমাজ। কলিয়াবৰৰ এই পদক্ষেপক সঁহাৰি জনালে শোণিতপুৰ জিলাৰ তেজপুৰ মহাবিদ‍্যালয়ে। কলিয়াবৰৰ ১৮ গৰাকী আৰু তেজপুৰ মহাবিদ‍্যালয়ৰ ২৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ এই অভিনৱ প্ৰতিডাদে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। কলিয়াবৰ মহাবিদ‍্যালয় আৰু তেজপুৰ মহাবিদ‍্যালয়ৰ আছু গোট আৰু ছাত্ৰ একতা সভাৰ পূৱৰ আমাজান ৰূপে চৰ্চিত বৰ্ষাৰণ‍্য দিহিং-পাটকাই অভয়াৰণ‍্যত কয়লা খননৰ অনুমতি প্ৰদানৰ তীব্ৰ প্ৰতিবাদ সাব‍্যস্ত কৰিছে প্ৰকৃতি সচেতন ব‍্যক্তি, সংগঠন, ছাত্ৰসমাজে। শনিবাৰে কলিয়াবৰ মহাবিদ্যালয় ছাত্ৰ একতা সভা, কলিয়াবৰ মহাবিদ্যালয় আছু গোট আৰু তেজপুৰ মহাবিদ্যালয় ছাত্ৰ একতা সভা, তেজপুৰ মহাবিদ্যালয় আছু গোট মিলি দিহিং-পাটকাই অভয়াৰণ‍্য সুৰক্ষিত কৰি ৰখাৰ দাবীত সামাজিক মাধ‍্যম যোগে দাবী উত্থাপন কৰিছে। ফেচবুক যোগে দুয়োখন মহাবিদ‍্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ক’লাজৰ ৰূপত ফটো প্ৰচাৰ কৰি এক অভিনৱ প্ৰতিবাদ কৰে। য’ত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীযে প্লে’-কাৰ্ডত দিহিং-পাটকাইত কয়লা খননৰ কেন্দ্ৰীয় চৰকাৰৰ অনুমতিৰ প্ৰতিবাদৰ লগতে সুৰক্ষিত কৰাৰ দাবী সম্বলিত বাণীৰে প্ৰতিবাদ সাব‍্যস্ত কৰে।

Leave A Reply