Breaking

মাধৱপুৰ বৰডুমচা বজাৰৰ আন্তগাঠনিক দিশৰ সমস্যা সমাধানৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

0 2,016

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ বুঢ়ীদিহিং মৌজাr পুৰণি পুখৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত মাধৱপুৰ বৰডুমচা বজাৰৰ আন্তগাঠনিক দিশৰ ওপৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বৰ বৰডুমচা পেঙেৰী আঞ্চলিক সমিটিয়ে আজি অভিযোগ তুলি ধৰিছে। সপ্তাহিক বজাৰৰ  তিনিচুকীয়া জিলাৰ ভিতৰত অন্যতম বৃহৎ বজাৰখনেই হল মাধৱপুৰ বৰডুমচা বজাৰ।এই বজাৰৰ টেণ্ডাৰো প্ৰায় দহ লাখতকৈ অধিকত টকাত লাভ কৰে টেণ্ডাৰ মৰা সকলে। কিন্তু এইক্ষেত্ৰত আচলতে কিয়  আন্তগাঠনিক দিশটোৰ অবস্থা অতি জৰাজীৰ্ণ হব লগীয়া হৈছে,কিয় বজাৰৰ ঘৰৰ টিংপাত মামৰে ধৰি ফুটি গৈ বৰষুণ আহিলে দোকানৰ অৱস্থা লাভতকৈ বেছি লোকচান হোৱাৰ উদাহৰণ দেখিবলৈ পোৱা গৈছে, কিয় এটা শৌচালয় আৰু এটা ভাল দমকল নথকাত ক্ৰেতা বিক্ৰেতাই বজাৰৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হব লগীয়া হৈছে। সংগঠনটোৰ আঞ্চলিকৰ উপদেষ্টা গৌতম বৰুৱা ,সম্পদক মন্টুশ মুদৈৰ লগতে অন্যান্য বিষয়বৰ্বিয়া সকলে শেষত বজাৰ খনৰ  আন্তগাঠনিক দিশত থকা সকলো সমস্যা সমাধানৰ বাবে চৰকাৰক বিহিত ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

Leave A Reply