Breaking

গড়কাপ্তানি পথত ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজৰ ভূঁই ৰুই উত্তাল প্ৰতিবাদ

0 36

কলগাছিয়াৰ সাওঁৰাচৰাৰ গড়কাপ্তানি পথত ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে ভূঁই ৰুই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। জনীয়া সমষ্টিৰ অন্তৰ্গত জনতা পৰা সাওঁৰাচৰা পৰা শোলমাৰী হৈ মইনবৰী গড়কাপ্তানি পথছোৱাত এজাক বৰষুণতেই সৃষ্টি হয় শ শ পুখুৰী সদৃশ গাত। যাৰ ফলত পথছোৱাত সঘনাই যান-বাহন দূৰ্ঘটনা হয়। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে সাংসদ আব্দুল খালেক মুৰ্দাবাদ, বিধায়ক ৰফিকুল ইছলাম মুৰ্দাবাদ, বিজেপি চৰকাৰ হায়, অতি শীঘ্ৰেই ৰাস্তা মেৰামতি কৰাৰ ব্যৱস্থা কৰক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

উল্লেখ্য যে, এজাক বৰষুণতেই কদৰ্যময় হৈ পৰা পথছোৱাত জৰুৰীকালীন সেৱা বন্ধ হোৱাৰ লগতে যমৰ -যাতনা ভূগিবলগীয়া হৈছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজে। স্কুল-কলেজলৈ যোৱাৰ ক্ষেত্ৰতো ব্যাঘাত জন্মিছে ছাত্ৰ-ছাত্ৰী সকলৰ। অতি শীঘ্ৰেই ৰাস্তা মেৰামতি নকৰিলে স্থানীয় ৰাইজে সাংসদ আব্দুল খালেক, বিধায়ক ড° ৰফিকুল ইছলাম আৰু অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে।

Leave A Reply