Breaking

চণ্ডীগড়ত ছাত্ৰী নিবাসৰ ৱাছৰূমত স্পাই কেমেৰা লগালে ছাত্ৰীয়ে! প্ৰেমিকসহ গ্ৰেপ্তাৰ…

0 94

পুনৰ অঘটন৷ প্ৰেমিকৰ কথা মতেই এগৰাকী ছাত্ৰীয়ে ছাত্ৰীনিবাসৰ স্নানাগাৰত স্পাই কেমেৰা লগাই অৱশেষত ধৰা পৰিল৷ এইঘটনা পিছে বেছিদিন গোপনে নাথাকিল৷ স্পাই কেমেৰাৰ উপস্থিতিৰ কথা ধৰা পৰাৰ পিছতে ছাত্ৰী নিবাসটোৰ আবাসী ছাত্ৰীসকলৰ মাজত আতংক বিয়পি পৰে৷ ঘটনাটো গৈ আৰক্ষীৰ কাষ পালে৷ অৱশেষত আৰক্ষীয়ে ছাত্ৰীগৰাকী আৰু তেওঁৰ প্ৰেমিকক বুধবাৰে চণ্ডীগড়ৰ ছেক্টৰ ২২ৰ পৰা গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্ত ছাত্ৰীগৰাকীয়ে পিজিত আন চাৰিগৰাকী ছাত্ৰীৰ সৈতে বাস কৰিছিল। ছাত্ৰীগৰাকীয়ে তেওঁৰ প্ৰেমিকৰ অনুৰোধত স্নানাগাৰত এটা স্পাই কেমেৰা স্থাপন কৰিছিল আৰু আন ছাত্ৰীসকলৰ ব্যক্তিগত ভিডিঅ’ ৰেকৰ্ড কৰিছিল।

ভুক্তভোগী সকলৰ মাজৰ এগৰাকীয়ে একেটা ঘৰত থকা ঘৰৰ মালিকক কথাটো অৱগত কৰিছিল আৰু আৰক্ষীক খবৰ দিয়া হৈছিল। দুয়োজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছত জামিনত মুক্তিও দিয়া হৈছে। তেওঁলোকৰ ফোন কেইটা জব্দ কৰা হৈছে আৰু অনুসন্ধানৰ বাবে কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞানাগাৰলৈ (চিএফএছএল) প্ৰেৰণ কৰা হৈছে।

উপ আৰক্ষী অধীক্ষক গুৰমুখ সিঙে সংবাদ মাধ্যমৰ আগত কয়, “প্ৰায় পাঁচ দিন আগতে ছোৱালীজনী আৰু ল’ৰাজনে চণ্ডীগড়ৰ পৰা স্পাই কেমেৰা ক্ৰয় কৰি ৱাছৰুমত স্থাপন কৰিছিল। আমি অনুসন্ধান কৰি আছো যে তেওঁলোকে ফটো আৰু ভিডিঅ’বোৰ ছ’চিয়েল মিডিয়াত আপলোড কৰিছে নে কাৰোবাৰ সৈতে শ্বেয়াৰ কৰিছে।”

Leave A Reply