Breaking

‘শিক্ষাৰ্থী সকলে নম্বৰৰ পিছত দৌৰিব নালাগে, বিষয়ৰ পিছত দৌৰিব লাগে;শিক্ষকসকলেও শিক্ষাৰ্থী নম্বৰৰ ওপৰত গুৰুত্ব নিদি মানসিকতাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে’– ড° ননীগোপাল মহন্ত

0 1,070

ছাত্ৰ-ছাত্ৰীসকলে নম্বৰৰ পিছত দৌৰিব নালাগে, বিষয়ৰ পিছত দৌৰিব লাগে আৰু শিক্ষকসকলেও ল’ৰা-ছোৱাৰীৰ নম্বৰৰ ওপৰত গুৰুত্ব নিদি মানসিকতাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব৷’–এই মন্তব্য অসম চৰকাৰৰ শিক্ষা উপদেষ্টা, প্ৰফেছৰ ড॰ ননীগোপাল মহন্তৰ৷ উল্লেখ্য যে আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত আজমল ছুপাৰ ফৰ্টিত অধ্যয়ন কৰি সফলতা অৰ্জন কৰা ১৭৩গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে নগদ ধনেৰে পুৰষ্কৃত কৰে আজমল ফাউণ্ডেচনে৷ সভাত অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ড॰ ননীগোপাল মহন্ত, সাংসদ প্ৰদু্যৎ বৰদলৈ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভিচি ড॰ অলক কুমাৰ বুঢ়াগোহাঁই, আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ সহকাৰী উপাচাৰ্য ব্ৰিগেডিয়াৰ শ্বাহিদ আহমেদ, আজমল ফাউণ্ডেচনৰ মুখ্য ন্যাসৰক্ষী তথা সাংসদ বদৰুদ্দিন আজমল, ন্যাসৰক্ষী তথা যমুনামুখৰ বিধায়ক ছিৰাজুদ্দিন আজমল, হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, দূৰদৰ্শন গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ সম্পাদক মাৰুফ আলমসহ অন্যান্য বিষয়াসকল উপস্থিত আছিল৷ উল্লেখ্য যে আজিৰ এই অনুষ্ঠানত আজমল ছুপাৰ ৪০১ এন ই ই টি আৰুজে ই ইত সফলতা লাভ কৰা কৃৰ্তী শিক্ষাৰ্থীৰ লগতে আজমল গ্ৰপ অৱ কলেজৰ কৃতী শিক্ষাৰ্থীক আজমল ফাউণ্ডেচনে সম্বৰ্ধনা জনোৱাৰ লগতে হাম হাস্পতালৰ ন্যাসৰক্ষী ছাহিদ হুছেইন, জ্যেষ্ঠ চিকিৎসক ডাঃ চি ইছলাম, আল হিলাল চৌধুৰী, ডাঃ আদিত্য লাংথাছাক সম্বৰ্ধনা জনোৱা হয়৷

অসমৰ ভিতৰত আইনত প্ৰথমস্থান লাভ কৰা নিখিল কুমাৰ মুদ্ৰাৰ লগতে স্থানপ্ৰাপ্ত ছাত্ৰীকেইগৰাকীক সম্বৰ্ধনা জনোৱাৰ লগতে নগদ ধন প্ৰদান কৰা হয়৷ সভাত আই আই টিজেএএম-২০২২ বৰ্ষত বিজ্ঞান বিভাগৰ ৰাসায়ন বিজ্ঞানত সৰ্বভাৰতীয় পৰ্যায়ত স্থান লাভ কৰে খাদিজা বেগমে৷ আজমল ফাউণ্ডেচনৰ সঞ্চালক ড॰ খচৰুল ইছলামে এই কৃতিত্বৰ বাবে আজমল ছুপাৰ ৪০১ সমূহ শিক্ষক-শিক্ষয়িত্ৰীক ধন্যবাদ জ্ঞাপন কৰে৷

সভাত বিশিষ্ট শৈল্য চিকিৎসক আৰু মুখ্য চিকিৎসা সঞ্চালক, হাম হাস্পতালৰ ডাঃ আল-হিলাল চৌধুৰীৰ লগতে এজন প্ৰতিষ্ঠিত শৈল চিকিৎসক আৰু হাম হাস্পতালৰ উপ-অধীক্ষক ডাঃ আদিত্য লাংথাছাক ‘মানৱতাৰ গৌৰৱ বঁটা’ৰে সন্মানিত কৰা হয়৷ ভাৰতীয় তথ্য সেৱাৰ বিষয়া, হোজাইৰ সন্তান গুৱাহাটীৰ অল ইণ্ডিয়া ৰেডিঅ’ৰ আঞ্চলিক সংবাদ গোটৰ বিষয়া মাৰুফ আলমকো সম্বৰ্ধনা জনোৱা হয়৷

Leave A Reply