Breaking

গোসাঁইগাঁৱৰ ব্লুমিং বাড’ছ স্কুলত চকলেট খাই ছাত্ৰ-ছাত্ৰী অসুস্থ

0 2,238

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত খাদ্যত বিষক্ৰিয়া হৈ ১০ গৰাকী ছাত্ৰ-ছাত্ৰী চিকিৎসাধীন হৈছে ৷ গোসাইগাঁও সদৰ চহৰ স্থিত ব্লুমিং বাড’ছ স্কুলৰ পঞ্চম শ্ৰেনীৰ এগৰাকী ছাত্ৰই তেৱৰ  জন্মদিন উপলক্ষে সহপাটি সকলক চকলেট বিতৰন কৰিছিল আৰু ছাত্ৰ-ছাত্ৰী সকলোৱে চকলেট খাইছিল ৷ শ্ৰেনীৰ প্ৰায় সকলো ছাত্ৰ-ছাত্ৰীয়ে চকলেট খাইছিল আৰু ইয়াৰে ১০ গৰাকী ছাত্ৰ-ছাত্ৰী পেটৰ আৰু গলৰ বিষ অনুভব কৰাৰ লগতে বমি অনুভব কৰে ৷ ক্ৰমেন্বয়ে ছাত্ৰ-ছাত্ৰীৰ শাৰিৰিক অবস্থা বেয়াৰ ফালে গতি কৰাত স্কুল কতৃপক্ষই ততাতৈয়াকৈ গোসাইগাঁও আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰে ৷ চিকিৎসক সকলে তাৎক্ষনিক ভাবে চিকিৎসা প্ৰদান কৰে আৰু সম্প্ৰতি সকলো ছাত্ৰ-ছাত্ৰী সংকটমুক্ত বুলি চিকিৎসালয়ৰ অধ্যক্ষ সুজিত কুমাৰ দাসে জানিব দিয়ে ৷ অসুস্থ ছাত্ৰ-ছাত্ৰী সকল ক্ৰমে ভিডি গোলছা,চন্দ্ৰমিকা ব্ৰহ্ম,ছাকিব মেহবুব,মিদুশ্ৰী বসুমতাৰী ,ছিয়া নাৰ্জাৰী,হিমা ৰানি মুছাহাৰী,ৰিমি নাৰ্জাৰী,মালেকা বেগম,উদ্দীপ্ত কুমাৰ দে আৰু গেৰেমছা বসুমতাৰী।

Leave A Reply