হেণ্ডবল ফেডাৰেশ্বনৰ অৱ ইণ্ডিয়াৰ তত্বাবধানত আৰু অসম হেণ্ডবল সন্থাৰ উদ্যোগত সোণাপুৰ মিনি ষ্টেডিয়ামত ২৭-৩১ মার্চত ৩৭ সংখ্যক ছাব জুনিয়ৰ ( ল’ৰা) ৰাষ্ট্ৰীয় হেণ্ডবল চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব।
৩০খন ৰাজ্যৰ ৬০০ খেলুৱৈয়ে ৩৭ সংখ্যক ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় হেণ্ডবল চেম্পিয়নশ্বিপত অংশগ্রহণ কৰিব। প্ৰতিযোগিতাখন সফলতাৰে আয়োজন কৰাৰ বাবে অসম হেণ্ডবল সন্থাই ড০ অশোক সিংঘিক সভাপতি তথা গণেশ তামূলী, জয়ন্ত থাউণ্ড, বেণুধৰ নাথ, দুর্লভ গোহাঁইক উপসভাপতি, সিদ্ধার্থ বর্মনক সম্পাদক, সুনীল ডেকাক কোষাধ্যক্ষ হিচাপে লৈ ইতিমধ্যে এখন অভ্যর্থনা সমিতি গঠন কৰিছে।

প্ৰতিযোগিতাখনৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেফাৰী পৰীক্ষাও অনুষ্ঠিত হ’ব। এই পৰীক্ষাত দেশৰ ১৫০ জন ৰেফাৰীয়ে অংশগ্ৰহণ কৰিব।
আনহাতে, ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় হেণ্ডবল চেম্পিয়নশ্বিপৰ বাবে অসম দল ঘোষণা কৰা হৈছে। অসম হেণ্ডবল সন্থাৰ সম্পাদক উত্তম কুমাৰ ব্ৰহ্মই জনোৱা অনুসৰি অসম দলটোৱে নলবাৰীত প্রশিক্ষণ গ্ৰহণ কৰি আছে।
অসম দলটো হ’ল- মাধুর্য লাহন, প্রীতম ডেকা, বিবেক তাঁতী, চিৰজিৱ শইকীয়া, ভূপাল বেজবৰুৱা, পৰশমণি বৰা, হৰিশ ডেকা, পার্থ প্রতীম ডেকা, জিত ডেকা, তুল্য বৰুৱা, হীৰকজ্যোতি বৰুৱা, হিমাংশু ফুকন, প্রবিত বৰুৱা, নির্মল বৰ্মন, জ্যোতি শৰ্মা মজুমদাৰ, ছাহিল আজিজ শিৱ মূদৈ, নূৰ মহম্মদ, বিদ্যুত্তিয় দাস আৰু মানস চুতীয়া।

দলটোৰ মুখ্য প্ৰশিক্ষক হ’ল দুলাল দাস। দলটোক অসম হেণ্ডবল সন্থাৰ সভাপতি মনোজ শইকীয়াই শুভেচ্ছা জনাইছে।