Breaking

ছাব-জুনিয়ৰ ল’ৰাৰ ৰাষ্ট্ৰীয় হেণ্ডবল চেম্পিয়নশ্বিপ; ফাইনেলত হাৰিয়ানা, মধ্যপ্ৰদেশ

0 77

হেণ্ডবল ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ তত্বাবধানত আৰু অসম হেণ্ডবল সন্থাৰ উদ্যোগত সোণাপুৰ মিনি ষ্টেডিয়ামত ২৭ মাৰ্চৰ চলি থকা ৩৭ সংখ্যক ছাব-জুনিয়ৰ (ল’ৰা) ৰাষ্ট্ৰীয় হেণ্ডবল চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছে হাৰিয়ানা আৰু মধ্যপ্ৰদেশ।

বৃহস্পতিবাৰে অনুষ্ঠিত ছেমি ফাইনেলত হাৰিয়ানাই দিল্লীক ২০-১৮ গ’লত আৰু মধ্যপ্ৰদেশে বিহাৰক ৩৩-২২ গ’লত পৰাস্ত কৰে।

শুকুৰবাৰে দিনৰ ১১ বজাত ফাইনেল মেচখন অনুষ্ঠিত হ’ব।

Leave A Reply