Breaking

মাৰ্ঘেৰিটাত মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে মহকুমাৰ প্ৰশাসনৰ অভিযান

0 2,041

সমগ্ৰ ৰাজ্যজুৰি ক’ৰোনাই ধাৰণ কৰিছে তীব্ৰ ভয়াবহ ৰূপ |মাৰ্ঘেৰিটাতো দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ক’ৰোনাৰ সংক্ৰমণৰ ঘটনা| ইয়াৰ পিছতো যেন কানসাৰ নাই মাৰ্ঘেৰিটাৰ নগৰৰ একাংশ লোকৰ | নাই মাস্ক , নাই সামাজিক দূৰত্ব|একাংশ লোকৰ এনে ব্যৱহাৰে  সচেতন মহলক চিন্তিত কৰি তুলিছে| ইয়াৰ মাজতে আজি ক’ভিড প’টকল অমান্য কৰি  মাস্ক পৰিধান নকৰা নগৰখনৰ একাংশৰ দোকানী আৰু বজাৰত বিনা কামত টিঘিল ঘিলাই থকা  লোকৰ বিৰুদ্ধে মাৰ্ঘেৰিটাৰ মহকুমাৰ চক্ৰ বিষয়া সোনবৰ চুতিয়া নেতৃত্বত আৰক্ষীয়ে অভযান চলায়| অভিযানকাৰী দলটোৱে মাৰ্ঘেৰিটাৰ নগৰৰ নদী দুয়োপাৰৰ দৈনিক বজাৰৰ লগতে মাৰ্ঘেৰিটাৰ বিভিন্ন স্থানত এই অভিযান চলায়| অভিযান কালত ক’ভিড প’টকল ভংগকাৰী কোনো লোককে জৰিমণা বিহা হোৱা নাই যদিও সকলোকে নিজৰ সুৰক্ষাৰ বাবে মাস্ক পৰিধান কৰিবলৈ মহকুমাৰ চক্ৰ বিষয়া গৰাকীয়ে আহ্বান জনায়|মাৰ্ঘেৰিটা মহকুমাৰ প্ৰশাসনৰ তৰফৰ পৰা ক’ভিড পটকল ভংগকাৰী বিৰুদ্ধে চলোৱা এই  অভিযানত সচেতন মহলে সন্তুষ্টি প্ৰকাশ কৰিছে|

Leave A Reply