Breaking

অখিলৰ বিৰুদ্ধে চাবুৱা চানমাৰি থানাৰ গোচৰ নিম্ন আদালতৰ ৰায়ক প্রত্যাহ্বান জনাই হাইক’ৰ্টত ‘নিয়া’

0 1,522

চাবুৱা আৰু চানমাৰি থানাত ৰুজু হৈ থকা গোচৰত শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু তেওঁৰ সতীর্থসকলক নিম্ন আদালতে দোষমুক্ত কৰি প্রদান কৰা ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে তদন্তকাৰী সংস্থা নেচনেল ইনভেষ্টিগেচন এজেঞ্চী (নিয়া)৷

‘নিয়া’ৰ বিশেষ আদালতে শেহতীয়াকৈ প্রদান কৰা দুয়োটা গোচৰৰ ৰায়ক প্রত্যাহ্বান জনাইছে তদন্তকাৰী সংস্থাটোৱে৷ অৱশ্যে গোচৰটো এতিয়াও তালিকাভুক্ত হোৱা নাই উচ্চ ন্যায়ালয়ত শুনানিৰ বাবে৷

প্রাপ্ত তথ্য অনুসৰি অখিল গগৈসহ আন আটাইকেইজন অভিযুক্তক দোষমুক্ত কৰি দিয়াৰ বিৰুদ্ধে ‘নিয়া’ই এই গোচৰ তৰিছে৷ উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলনৰ সময়ত চাবুৱা আৰু চানমাৰি থানাৰ গোচৰৰ ভিত্তিত অখিল গগৈ আৰু তেওঁৰ সতীর্থসকলক গ্রেপ্তাৰ কৰা হৈছিল৷ পৰৱর্তী সময়ত এই দুয়োখন থানাৰ গোচৰ দুটা ‘নিয়া’লৈ হস্তান্তৰ কৰা হয়৷ ‘নিয়া’ই দুয়োটা গোচৰতে অখিল গগৈ আৰু আন অভিযুক্তসকলৰ বিৰুদ্ধে চার্জশ্বীট দাখিল কৰিছিল৷

শেহতীয়াকৈ এই গোচৰ দুটাৰ ধাৰা আৰোপৰ শুনানিৰ সময়ত ‘নিয়া’ৰ বিশেষ আদালতে অখিল গগৈ আৰু আন সতীর্থসকলক দোষমুক্ত ঘোষণা কৰে৷ চাবুৱা থানাৰ গোচৰত অভিযুক্ত হৈ আছিল অখিল গগৈ, জগজিৎ গোহাঁই, ভাস্কৰজ্যোতি ফুকন আৰু ভূপেন গগৈ৷ এই গোচৰটোত কেৱল ভাস্কৰজ্যোতি ফুকনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ দুটা ধাৰা আৰোপ কৰাৰ বিপৰীতে আন অভিযুক্তসকলক দোষমুক্ত কৰি দিছিল৷ তদুপৰি ভাস্কৰজ্যোতি ফুকনৰ বিৰুদ্ধে গোচৰ ডিব্রুগড়ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত চলাবলৈও নির্দেশ দিছিল ‘নিয়া’ৰ বিশেষ আদালতে৷ ইয়াৰ উপৰি চানমাৰি থানাৰ গোচৰটোত অখিল গগৈৰ উপৰি কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতা ধৈর্য কোঁৱৰ আৰু ছাত্র মুক্তি সংগ্রাম সমিতিৰ মানস কোঁৱৰ আৰু বিতু সোণোৱাল অভিযুক্ত হৈ আছিল৷

শেহতীকৈ ‘নিয়া’ৰ বিশেষ আদালতে চাৰিওজনকে এই গোচৰটোত দোষমুক্ত কৰি দিয়ে৷ ইয়াৰ পিছতে শাৰীৰিক অসুস্থতাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ পথ প্রশস্ত হৈ পৰিছিল৷ সম্প্রতি নিজৰ সমষ্টিত ব্যস্ত হৈ আছে অখিল গগৈ৷

Leave A Reply