Breaking

দৰং আৰক্ষীৰ সফলতা।শ্যামপুৰত হস্ত নিৰ্মিত পিষ্টল সহ তিনি ডকাইত গ্ৰেপ্তাৰ।ধুলাত ড্ৰাগছ ,ভাং সহ‌ এজনক গ্ৰেপ্তাৰ।

0 2,034

দৰঙত  নৱ নিযুক্ত আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই যোগদান কৰাৰ পিছতেই   আৰক্ষীয়ে  অবৈধ ড্ৰাগছ, ভাং আদি নিচাজাতীয় সামগ্ৰীৰ লগতে অপৰাধ জনিত কাৰ্ষত জড়িতৰ  বিৰুদ্ধে  অভিযান আৰম্ভ কৰা পৰিলক্ষিত হৈছে । নৱ নিৰ্বাচিত আৰক্ষী অধীক্ষক গৰাকীৰ  নিৰ্দেশ মৰ্মে সদৰ উপ আৰক্ষী অধীক্ষক মামনি হাজৰিকাই   ধূলা  থানাৰ আৰক্ষীৰ  সহযোগত অভিযান চলাই  থানাখনৰ অন্তৰ্গত ওন্দোলাঝাৰ গাঁৱৰ চামাদ আলি নামৰ লোকজনৰ  পৰা  প্লাষ্টিকৰ সাতটা ক্ষুদ্ৰ কন্টেইনাৰত  নিষিদ্ধ ড্ৰাগছ  আৰু  ৭০০গ্ৰাম ওজনৰ এটা ভাংঙৰ  টোপোলা জব্দ কৰে । ধূলা আৰক্ষীয়ে  অভিযুক্তৰ বিৰুদ্ধে  এক গোচৰ ৰুজু কৰি  চামাদ আলীক  জেল হাজতলৈ প্ৰেৰণ কৰে । একেদৰে  যোৱা ১৮  মেৰ  নিশা    ৪নং শ্যামপুৰ গাঁৱৰ  মুক্তাৰ আলী নামৰ  কাপোৰ দোকানীজনৰ  ঘৰত সংঘটিত ডকাইতি কাণ্ডত জড়িত থকা সাত জনীয়া দলটোৰ তিনি জনক জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্জ্বল বৰুৱাই শ্যামপুৰ  আৰক্ষীৰ সহযোগত অভিযান চলাই   গ্ৰেপ্তাৰ কৰাৰ লগতে দুটা হস্ত নিৰ্মিত পিস্তল আৰু লুটি নিয়া আ-অলংকাৰ আদি  উদ্বাৰ  কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ কৰা ডকাইত তিনিজন হ’ল জন ক্ৰমে বক্কৰ আলী, হামিদ আলী আৰু মতিউৰ ৰহমান। উল্লেখযোগ্য যে  ১৮ মে’ৰ নিশা সাত  জনীয়া ডকাইতৰ  দলটোৱে  নগদ ৬৫ হাজাৰ টকা দুটা মোবাইল ফোনৰ লগতে ৭০ হাজাৰ টকাৰ সোণ ৰূপৰ  গহনা আদি লুটি নিছিল ডকাইতৰ দলটোৱে ।
ঘটনা সংক্ৰান্তত ভুক্তভোগীয়ে   শ্যামপুৰ  থানাত  দাখিল কৰা এজাহাৰৰ ভিত্তিত  জিলাৰ  আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে  অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্জ্বল বৰুৱা আৰু  শ্যামপুৰ  থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰাগ হাজৰিকাই গাঁওৰক্ষী বাহিনীৰ সহযোগত  কৌশলেৰে অভিযান চলাই    তিনিজনকৈ ডকাইতক আটক কৰিবলৈ সক্ষম হয়।।সম্প্ৰতি তিনি অভিযুক্তক শ্যামপুৰ আৰক্ষী থানাত অধিক তথ্যৰ বাবে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।

Leave A Reply