Breaking

ৰঙিয়াৰ ইউক্লিড চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সফলতা…

0 152


সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চুড়ান্ত পৰীক্ষাৰ ফলাফলত ৰঙিয়াৰ ইউক্লিড চিনিয়ৰ চেকেণ্ডাৰী স্কুলে ঈৰ্সনীয় সফলতা পাবলৈ সক্ষম হৈছে।কলা বিজ্ঞান আৰু বানিজ্য তিনিওটা শাখাতে বিদ্যালয়খনৰ আটাইগৰাকী পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে।বিজ্ঞান শাখাত মুঠ ১১৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

ইয়াৰে ৭গৰাকী ছাত্ৰ – ছাত্ৰীয়ে ডিষ্টিংচন পোৱাৰ বিপৰীতে ৩৫ জনে ষ্টাৰ মুঠ ৯৪জনে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে।আনফালে কলা শাখাত মুঠ ৬৪জন ছাত্ৰ-ছাত্ৰীয়ে চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।ইয়াৰে ৪জনে ডিষ্টিংচন পোৱাৰ বিপৰীতে ১০জনে ষ্টাৰ মুঠ ৪৪জনে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে।

আকৌ বানিজ্য শাখাত ১৬গৰাকী ছাত্ৰ -ছাত্ৰীৰ ৫গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে।সামগ্ৰিক ভাৱে বিদ্যালয়ৰ উত্তীৰ্ণৰ শতকৰা হাৰ ১০০ শতাংশ।বিদ্যালয়খনৰ ১৯২জন ছাত্ৰ -ছাত্ৰীয়ে বিভিন্ন বিষয়ত লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে।

আজিৰ ফলাফলত পদাৰ্থ বিজ্ঞানত সৰ্বোচ্চ ৯৫ ৰ বিপৰীতে ৩১গৰাকীয়ে লেটাৰ সংখ্যা লাভ কৰে।একেদৰে ৰাসায়ন বিজ্ঞানত সৰ্বোচ্চ ৯৮ পোৱাৰ বিপৰীতে মুঠ ২৮জনে লেটাৰ সংখ্যা লাভ কৰে।

বিদ্যালয়ৰ আজিৰ ফলাফলে প্ৰমাণ কৰিলে যে কোচ্ছিংত পঢ়িলেও বোৰ্ডৰ ফলাফল ভাল কৰিব পাৰি।অতি সম্প্ৰতি নীট আৰু জে ই ই কোচ্ছিঙৰ বাবে বহু অভিভাৱকে বিভিন্ন সমস্যাত থকাৰ সময়ত ইউক্লিড চিনিয়ৰ চেকেণ্ডাৰী স্কুল সহায়ক হ’ব পাৰে।

Leave A Reply