Breaking

নগাঁও বন বিভাগৰ সফলতা ; মূল্যবান কাঠ ভৰ্তি বাহন জব্দ

0 1,249

নগাঁও, ৫ ডিচেম্বৰঃ নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ এক নিৰ্দেশ মৰ্মে বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত যোৱা এটি অভিযানকাৰী দলে নলতলী চুলুং অঞ্চলৰ পৰা যোৱা নিশা এখন গণসৰৈ টক্টা ভৰ্তি ব’লেৰ পিক আপ বাহন জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকিত গণসৰৈ কাঠ খিনি আমবাগান কাঠপাৰা এটা কাঠমিলৰ পৰা তেজপুৰৰ পাঁচমাইল লৈ কঢ়িয়াই নি থকাৰ সম্ভেদ লাভ কৰি বন সুৰক্ষা শাখাই নলতলীৰ চুলুংত অভিযান চলাই প্ৰায় লক্ষ্যাধীক মূল্যৰ ৮০ চিএফ পৰিমানৰ ফলা টক্টা খিনি জব্দ কৰিবলৈ সক্ষম হয় ৷  জব্দকিত ব’লেৰ পিক আপ বাহন খনৰ পঞ্জীয়ন নম্বৰ হৈছে এছ ০১ চিচি ৬০৫৭ ৷ অভিযান কালত কোনো এজন লোকক আটক কৰিবলৈ নহল যদিও বন বিভাগৰ দলটিয়ে জব্দকিত কাঠভৰ্তি বাহন খন নগাঁও বন সংমণ্ডলৰ মূখ্য কাৰ্যালয়ৰলৈ লৈ আনে ৷ নিশাৰ এই অভিযান কালত বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ লগতে  দেৱানন্দ বৰা, মুক্তাৰ হুছেইন, দীনেশ ৰাজবংশী আদি উপস্থিত আছিল ৷ 

Leave A Reply