Breaking

আন্তঃজিলা ফেন্সিং প্ৰতিযোগিতাত ওদালগুৰি জিলাৰ সফলতা

0 1,556

গোৱালপাৰা জিলাৰ দুধনৈত অনুষ্ঠিত হোৱা আন্তঃজিলা ফেন্সিং প্ৰতিযোগিতা(১০, ১২ আৰু ১৪ বছৰ অনুৰ্দ্ধৰ )ত ওডালগুৰি জিলাৰ পৰা প্ৰতিনিধিত্ব কৰি মানসজ্যোতি বড়োই অনুৰ্দ্ধ-১২ শাখাৰ ছেব্ৰেত সোণৰ পদক, বন্দিতা নাথে অনুৰ্দ্ধ-১০ শাখাৰ ছেব্ৰেত ৰূপৰ পদক আৰু অনুৰ্দ্ধ-১২ শাখাৰ ছেব্ৰেত ব্ৰঞ্জৰ পদক আৰু নিয়ৰ শৰ্মাই অনুৰ্দ্ধ-১২ শাখাৰ ছেব্ৰেত ৰূপৰ পদক অৰ্জন কৰি জিলা খনলৈ সুনাম কঢ়িয়াই আনে।

আনহাতে ওডালগুৰি জিলাৰ হৈ প্ৰতিনিধিত্ব কৰা দলটোক নেতৃত্ব দিয়ে জিলা ফেন্সিং সন্থাৰ সাধাৰণ সম্পাদক তথা মুখ্য NIS প্ৰশিক্ষক তিলক চন্দ্ৰ বড়ো, সহঃ প্ৰশিক্ষক টিকেন্দ্ৰজিৎ শৰ্মা আৰু মেনেজাৰ গোবিন্দ ৰাভাই।

Leave A Reply