Breaking

টেঙাখাতৰ ৰাজশ্ৰী দুৱৰাৰ সাফল্য ৷ সোনৰ পদকেৰে প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ…

0 327

টেঙাখাতৰ ৰাজশ্ৰী দুৱৰাৰ সাফল্য ৷ সোনৰ পদকেৰে প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ ৷ ডিব্ৰুগড় জিলাৰ টেঙাখাত এখন কৃষি প্ৰধান অঞ্চল যদিও এই অঞ্চলৰ শিক্ষাৰ্থী সকলে দিনক দিনে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ সেই অনুসৰি নিজ টেঙাখাত নিবাসী সমাজ সেৱক পিতৃ কুচেৱ দুৱৰা আৰু শিক্ষয়িত্ৰী মাতৃ জ্যোৎস্না দুৱৰাৰ কন্যা ৰাজশ্ৰী দুৱৰাই ডিব্ৰুগড় মনোহাৰী দেৱী মহিলা মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত নতুন দিল্লীৰ Institute of Clinical Research India(ICRI) ৰ পৰা সদ্য ঘোষিত ফলাফল অনুসৰি Clinical Research বিভাগত সোনৰ পদক জয়ৰে প্ৰথম বিভাগৰ প্ৰথম হৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি টেঙাখাত অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ইয়াৰ পিছতে ৰাজশ্ৰী দুৱৰাই যোৱা ১২ ৰ পৰা ১৯ আগষ্টলৈ মালয়েছিয়াত অনুষ্ঠিত হোৱা Asia youth International Model United Nation ৰ INTERPOL Council ত ভাৰতৰ প্ৰতিনিধি হিচাপে যোগদান কৰি International political Instabitilty ঃ Preventing the world from Global threats শীৰ্ষক বক্তৃতা প্ৰদান কৰি ভূয়সী প্ৰশংসাৰ প্ৰমান পত্ৰ লাভ কৰিবলৈ সক্ষম হয় ৷

এই গৰাকী মেধাবী ছাত্ৰীয়ে পুনৰ আগন্তক ৬ৰ পৰা ৯ অক্টোবৰলৈ তুৰ্কীত অনুষ্ঠিত হ’ব লগীয়া “ Best Diplomat conference ” ত ভাৰতৰ প্ৰতিনিধি হিচাপে যোগদান কৰিবলৈ আমন্ত্ৰণ লাভ কৰিছে ৷ সম্প্ৰতি তেওঁ অষ্ট্ৰেলিয়াৰ চিড্‌নি বিশ্ববিদ্যালয়ত Neuro Science বিষয়ত গৱেষনা কৰিবৰ বাবে প্ৰস্তুতি আৰম্ভ কৰি নিজৰ শৈক্ষিক যাত্ৰা অব্যাহত ৰাখিছে ৷ এই গৰাকী ছাত্ৰীৰ এনে সফলতাৰ বাবে পৰিয়ালৰ লগতে টেঙাখাতৰ শৈক্ষিক সমাজ উৎফুল্লিত হৈ অভিনন্দন জনোৱা পৰিলক্ষিত হৈছে।

Leave A Reply