Breaking

তামুলপুৰত ১১ দিনীয়া নাট কৰ্মশালাৰ সফল সামৰণি

0 58

অসম নাট্য সন্মিলনৰ তামুলপুৰ শাখাৰ উদ্যোগত আৰু তামুলপুৰ সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত যোৱা ২০ জুলাইৰ পৰা তামুলপুৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এঘাৰ দিনীয়া নাট কৰ্মশালাৰ আজি সফল সামৰণি পৰে। আজি আবেলি চাৰি বজাত মটঙাপাৰস্থ সাংস্কৃতিক ভৱনত এক মাংগলিক পৰিবেশত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটো মুকলি কৰে তামুলপুৰৰ প্ৰবীণ নাট্য কৰ্মী মোহন দাসে।

ইয়াৰ পিছতে প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা কেবাখনো ছুটি নাট আৰু মুকাভিনয় প্ৰদৰ্শন কৰা হয়। অসম নাট্য সন্মিলনৰ তামুলপুৰ শাখাৰ সভাপতি অনুপ নাথে সঞ্চালনা কৰা আৰু সম্পাদক গোপীনাথ দাসে আতধৰা সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে তামুলপুৰ সাংস্কৃতিক কেন্দ্ৰৰ সাংস্কৃতিক উন্নয়ন বিষয়া যুগান্ত বায়ন,সাংবাদিক তীৰ্থ ৰঞ্জন মহন্ত, প্ৰশিক্ষকদ্বয় পৰী শৰণীয়া( এন এছ ডি, ছিকিম) আৰু বেণুধৰ পাটোৱাৰী (এন এছ ডি,ছিকিম ) ভাষণ প্ৰদান কৰাৰ উপৰিও ,অভিভাৱক দ্বীজেন কুমাৰ দাস আৰু প্ৰশিক্ষাৰ্থী ধনজিৎ শইকীয়াই নিজৰ অনুভৱ ব্যক্ত কৰে।


আজিৰ সামৰণি সভাতে প্ৰশিক্ষণত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী সকলক একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। সামৰণি অনুষ্ঠান ত অসম নাট্য সন্মিলনৰ ৰত্নপীঠ মণ্ডলৰ সম্পাদক তথা তামুলপুৰৰ বিশিষ্ট নাট্য শিল্পী অভিজিত দাস,বাক্সা জিলা নাট্য সন্মিলনৰ সম্পাদক চিন্ময় পাঠক ,সাংস্কৃতিক কৰ্মী শ্যামল দাস, অধিক দাসকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি ,প্ৰশিক্ষাৰ্থী আৰু অভিভাৱক উপস্থিত থাকে।

Leave A Reply