Breaking

‘দিগদৰ্শন’ৰ অষ্টদশ বৰ্ষপূৰ্তি অনুষ্ঠানৰ সফল সমাপ্তি

0 2,064

অসমৰ অগ্ৰণী প্ৰকাশন,  দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত পাঁচখন আলোচনীৰ অন্যতম ভিন্নসুৰী মাহেকীয়া আলোচনী ” দিগদৰ্শন” আৰু দিগদৰ্শন প্ৰকাশনৰ অষ্টদশ বৰ্ষপূৰ্তি অনুষ্ঠানটি অহা ১০ অক্টোবৰত যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ।  উদীয়মান শিল্পী চিল্কীপ্ৰিয়া শইকীয়াৰ সত্ৰীয়া নৃত্য পৰিৱেশনেৰে শুভাৰম্ভ হোৱা গাম্ভীৰ্যপূৰ্ণ সভাখনৰ আঁত ধৰে , দিগদৰ্শন প্ৰকাশনৰ স্বত্বাধিকাৰ পংকজ কুমাৰ দাস আৰু ৰীতা বৰদলৈয়ে ।  উক্ত অনুষ্ঠানটিতে , বিশ্বনাথ জিলাৰ ষ্টেটপুল শিক্ষক প্ৰেম বৈষ্ণৱক ” বৰ্ষশ্ৰেষ্ঠ কবি”  সন্মানেৰে সন্মানিত কৰা হয় । বৰ্ষশ্ৰেষ্ঠ কবি বঁটাৰ সৈতে,  ফুলাম গামোচা, চেলেং , স্মাৰক, সম্বৰ্ধনা পত্ৰ , কিতাপৰ টোপোলা  আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ।  প্ৰেম বৈষ্ণৱ,  বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত ৰৌমাৰী বাপুজী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক । শিক্ষকতাৰ দৰে মহান কাৰ্যত ব্ৰতী হোৱাৰ সমান্তৰালকৈ, সামাজিক গণমাধ্যম ফেচবুক , অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰকাশিত হোৱা মাহেকীয়া আলোচনী ,  দৈনিক বাতৰি কাকত আদিত  নিয়মীয়াকৈ  তেখেতৰ কবিতা ,প্ৰবন্ধ আদি প্ৰকাশ হৈ আহিছে । তেখেত সামাজিক অনুষ্ঠান সমূহৰ লগত ওত:প্ৰোত ভাৱে জড়িত হৈ থকা এগৰাকী নিষ্ঠাবান শিক্ষক ।  বৰ্তমান তেখেত , সদৌ অসম ষ্টেটপুল শিক্ষক সন্থাৰ উপসভাপতি আৰু  বিশ্বনাথ জিলা ষ্টেটপুল শিক্ষক সন্থাৰ মুখ্য উপদেষ্টাৰ দ্বায়ীত্ব পালন কৰি আছে ।  সাহিত্যৰ জগত খনত এতিয়ালৈকে __ “মোৰ সপোনৰ দস্তাবেজ” , “মই তোমাৰ আজন্ম প্ৰেমিক””   আৰু “মোৰ হৃদয়ৰ স্পন্দনত মাথোঁ তুমি ”  মুঠ তিনিখন কাব্যসংকলন পঢ়ুৱৈ সমাজৰ হাতত  তুলি দিছে ।  “মোৰ হৃদয়ৰ স্পন্দনত মাথোঁ তুমি ” শীৰ্ষক কাব্যসংকলনটি যোৱা ১০/১০/ ২০২১ তাৰিখে দিগ্‌দৰ্শন প্ৰকাশনৰ অষ্টদশ বৰ্ষপূৰ্তি অনুষ্ঠানটিতে শুভ উন্মোচন কৰে যোৰহাটৰ, গণঅধিকাৰ কাকততৰ জ্যৈষ্ঠ সাংবাদিক নেকিব আহমেদে । দিগদৰ্শন প্ৰকাশনৰ অষ্টাদশ বৰ্ষপুতি অনুষ্ঠানটিত উপস্থিত থাকি  প্ৰেম বৈষ্ণৱৰ এই বৃহৎ সাফল্যৰ বাবে বিভিন্ন প্ৰকাৰে উৎসাহিত কৰা  “সদৌ অসম ষ্টেটপুল শিক্ষক সন্থা” ৰ  কাৰ্যকৰী সভাপতি মালিৰাম দলে ছাৰলৈ,  ষ্টেটপুল শিক্ষক তথা বৰ্ষশ্ৰেষ্ঠ কবি  প্ৰেম বৈষ্ণৱে আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে ।

Leave A Reply