Breaking

বাগানপাৰাত গ্ৰীষ্মকালীন পাঠদানৰ সফল সামৰণি, আছুৰ উদ্যোগত ২শতাধিক শিক্ষাৰ্থীক দিয়া হৈছিল পাঠদান…

0 66

বাক্সা জিলাৰ বাগানপাৰাত বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা নৱম আৰু দশমশ্ৰেণীৰ গ্ৰীষ্মকালীন পাঠদানৰ সামৰণি অনুষ্ঠান আজি ভাস্কৰজ্যোতি ছোৱালী হাইস্কুলত অনুস্থিত হয়।যোৱা ৫-৭-২০২২ ইং তাৰিখৰ পৰা আৰম্ভ হোৱা এই পাঠদান অনুষ্ঠানত অঞ্চলটোৰ প্ৰায় দুইশতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহন কৰে।আজি সামৰণি অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰে বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত উপ-সভাপতি বৰ্ণালী মেধীয়ে

অতিথি হিচাপে উপস্থিত থাকে ধমধমা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ভাস্কৰ চক্ৰৱৰ্তী,শংকৰদেৱ শিশু নিকেতন বাগানপাৰাৰ প্ৰধান শিক্ষক উদয় কলিতাদেৱ আৰু আচাৰ্য সৌৰভ বড়ো,সদৌ বাস্কা জিলা ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক মানস প্ৰতীম চক্ৰৱৰ্তী,বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উপ-সভাপতি মনজিৎ দাস,শিক্ষা সম্পাদক প্ৰাঞ্জল হাজৰিকা ।

মুছলপুৰৰ পৰা চম্পক মেধি

Leave A Reply