Breaking

বৰপেটাত সফল সামৰণি সংকল্প আঁচনিৰ দক্ষতা মেলাৰ

0 26

কেন্দ্ৰীয় চৰকাৰৰ দক্ষতা আৰু উদ্যোগ মন্ত্ৰণালয়ৰ সংকল্প আঁচনিৰ অধীনত বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা জীৱিকাৰ বাবে দক্ষতা বিকাশ সম্পৰ্কীয় কৰ্মশালা তথা মেলাখনৰ আজি সফলতাৰে সামৰণি পৰিছে। আজি সামৰণিৰ পূৰ্বে অংশগ্ৰহণ কাৰী আত্মসহায়ক গোটৰ সদস্যা আৰু ছাত্ৰ-ছাত্ৰী সকলক চাক্ষুষ অভিজ্ঞতাৰে অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে স্থানীয় কেবাটাও উদ্যোগ পৰিদৰ্শন কৰোৱা হয়।

তাৰ ভিতৰত বাৰাদিৰ তামোলৰ ঢোকোনাৰে প্লেট বনোৱা উদ্যোগ, আৰু খংৰাৰ ৰেডিমেড পোছাক নিৰ্মাণ উদ্যোগ আদি অন্যতম। ইয়াৰ পূৰ্বে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা আলোচনা চক্ৰত ভাষণ দি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই কয় যে, আমি সকলো বস্তু এনেয়ে বিচৰাৰ মানসিকতা পৰিহাৰ কৰি সেইবোৰ  সৎ পথেৰে নিজে অৰ্জন কৰাৰ প্ৰচেষ্টা চলালেহে নিজৰ লগতে পৰিয়ালৰ আৰু দেশৰো মঙ্গল হ’ব। এনে দক্ষতা মেলাৰ সুবিধালৈ যুব চামক জীৱিকাৰ ন ন সম্ভাৱনাৰ সহজ অন্বেষণ চলোৱাৰ বাবে তেওঁ মুকলি আহ্বান জনায়।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আঞ্চলিক প্ৰৱন্ধক বীৰেণ দাসে “দক্ষতা বিকাশ আৰু বিত্তীয় সাক্ষৰতা” বিষয়ত মূল বক্তৃতা প্ৰদান কৰে। সভাৰ আৰম্ভণিতে আদৰণি ভাষণ দিয়ে জেষ্ঠ পৰিকল্পনা বিষয়া দ্বিজেন্দ্ৰ নাথ দাসে। সভাত মীণ বিভাগৰ উপসঞ্চালক কিশোৰ কুমাৰ দাস, জিলা মীণ উন্নয়ন বিষয়া প্ৰতুল বৰ্মণ, জিলা উদ্যোগ কেন্দ্ৰৰ মহা প্ৰৱন্ধক ঋতুৰাজ পাছানী, জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া প্ৰবীণ কুমাৰ দাস আৰু জিলা গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক ৰঞ্জিৎ কুমাৰ তালুকদাৰে আত্ম সংস্থাপনৰ উপায় সন্দৰ্ভত অংশগ্ৰহণকাৰী সকলৰ সৈতে অন্তৰঙ্গভাবে মত -বিনিময় কৰে।

Leave A Reply