Breaking

টংলাৰ গেৰুৱাত শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ, ভেৰগাঁও জিলা শাখাৰ সপ্তম বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি…

0 46

হৰিনামৰ ধ্বনিৰে, সাম্য -মৈত্ৰী -সম্প্ৰীতিৰ মহান বাণীৰে আকাশ বতাহ মুখৰিত হ’ল গেৰুৱা,পুৰন্দিয়া, মাজগাঁও আৰু ইয়াৰ উপকণ্ঠ অঞ্চল।জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ধৰ্ম, সাহিত্য আৰু সাংস্কৃতিক আদৰ্শৰ ভিত্তিত সুপ্ৰতিষ্ঠিত উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ গণতান্ত্ৰিক জাতীয় অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ভেৰগাঁও জিলা শাখাৰ সপ্তম বাৰ্ষিক অধিৱেশন ভাগি শংকৰজ্যোতি মণ্ডলৰ ব্যৱস্থাপনাত গেৰুৱা ৰাজহুৱা নামঘৰ প্ৰাংগণত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ অন্ততঃ ২৮ জানুৱাৰীৰ নিশা সফল সামৰণি পৰে। ৰাভা, বড়ো, কোচ ৰাজবংশী, শৰণীয়া কছাৰী কৃষ্টি দল,বেণ্ড পাৰ্টি, খোল- তাল- মাদল, বংশী বাদন, ওজাপালি, নাগাৰা নাম ,থিয়নাম, দিহানাম কৃষ্ণ কৃষ্ণ, হৰি নাম, জয় গুৰু শংকৰ, জয় শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ধ্বনিৰে আকাশ বতাহ মুখৰিত হৈ দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপায়িত হল গেৰুৱা ৰাজহুৱা নামঘৰ প্ৰাংগণৰ লগতে পুৰন্দিয়া, মাজগাঁও, পশ্চিম ফুটুকীবাৰী,পূৱ ফুটুকীবাৰী, পলাহগড়, জলাহ, বনগাঁও। ডাইনাচ’ৰ, শিশু কৃষ্ণ, বিভিন্ন জাতি জনগোষ্ঠীৰ সজপাৰে ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰাৰে বৰ্ণিল কৰা অনুষ্ঠানভাগ শুভ উদ্বোধন কৰে শংকৰী সঙ্গীতৰ বিশিষ্ট শিল্পী দৰ্শন বৰুৱাই।

পুৱা প্ৰভাত ফেৰী, জিলা সেৱা বাহিনীৰ দ্বাৰা পৰিৱেশ নিকাকৰণ, নামঘৰত বন্তি প্ৰজ্বলন, শৰাই নিবেদন, নামপ্ৰসংগ ইত্যাদি বিভিন্ন কাৰ্য্যসূচীৰ পিছতে ধৰ্ম ধ্বজা উত্তোলন কৰি জিলা শাখাৰ সভাপতি মাধৱ ৰাভাই গুৰুজনাৰ অপূৰ্ব কলা সংস্কৃতি আৰু ধৰ্ম দৰ্শনক বিস্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ ভকত বৈষ্ণৱক সেৱা জনায়। দিনৰ ১১ বজাত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰাক্তন প্ৰধান সম্পাদক, সুবক্তা বাবুল বৰাই নিৰ্দিষ্ট বক্তাৰ আসন অলঙ্কৃত কৰা মুকলি ধৰ্মালোচনী সভাত গুৰুজনাৰ ধৰ্ম দৰ্শন, সাহিত্য কলা সংস্কৃতি, ভাষা, মানৱীয় সংকট, অন্তৰ তথা বহি সংস্কৃতি ইত্যাদি বিভিন্ন দিশত সাৱলীলভাৱে দিয়া ভাষণে ভকত -বৈষ্ণৱ,,ধৰ্মপ্ৰাণ ৰাইজক মন্ত্ৰমুগ্ধ কৰি তোলে। জিলা শাখাৰ সভাপতিয়ে সভাপতিত্ব কৰা সভাত উদ্দেশ্য ব্যাখ্যা আৰু আঁত ধৰে সম্পাদক মাধৱ চন্দ্ৰ বৰুৱাই।সম্পাদক জিলা তথা আদৰণি সমিতিৰ শিল্পীবৃন্দই পৰিৱেশন কৰা বৰগীত আৰু আদৰণি সমিতিৰ সভাপতি নৱ কুমাৰ তামুলীয়ে আদৰণি ভাষণ দিয়া সভাত গেৰুৱা নিবাসী ধৰ্মপ্ৰাণ ব্যক্তি বেণুধৰ ৰাভা, ধৰ্মপ্ৰাণ পূৰণ চন্দ্ৰ বনিয়া, আৰু ফুল সাধনীদাৰ বঁটাৰ নিৰ্বাচিত হোৱা জিলা শিশু,আই মাতৃ কল্যাণ সমিতিৰ সভানেত্ৰী মহিমাময়ী বড়ো কছাৰীক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে।পানেৰী সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ প্ৰতিনিধি যৌশ্ৰাং বড়ো, মূলৰ সদস্য খগেদ্ৰ নাথ চহৰীয়া, বিটিচিৰ পাৰিষদ দিলীপ বড়ো , শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, দৰং জিলা শাখাৰ সভাপতি হৰেশ্বৰ শইকীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য চিন্টোমণি চক্ৰৱৰ্ত্তী, অসম জাতী়য়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ওদালগুৰি জিলা সমিতিৰ সম্পাদক দেৱজিৎ দাসে ভাষণ দিয়ে। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যুটীয়া সাধাৰণ সম্পাদক হেমন্ত বৰা কোচ, ভেৰগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নেতা ৰতন ডেকা, ভেৰগাঁও জিলা শাখাৰ উপসভাপতি ইন্দ্ৰেশ্বৰ চহৰীয়া, মহেন্দ্ৰ নাথ ডেকা, শিশু আই মাতৃ কল্যাণ সমিতিৰ কেন্দ্ৰীয় সদস্যা কুঞ্জলতা ডেকা, অন্যান্য বিষয়ববীয়া আই কেন্দ্ৰীয়, জিলা সেৱা বাহিনীৰ বিষয়ববীয়া , বিজেপি নেতা জয়কান্ত শৰ্মা, সমৰেশ দাস , অৰ্জুন দৈমাৰী,ডাকুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জয়ন্ত বড়ো,অসম জাতী়য়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি নিলয় চলিহা, টংলা আঞ্চলিকৰ সম্পাদক উমেশ ডেকা, টংলা আছু’ৰ বিষয়ববীয়া, ওদালগুৰি জিলা ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ ৰাভা, টংলা আৰছুৰ নেতা প্ৰমুখ্যে জিলা, মুলৰ বিষয়ববীয়া তথা বিশিষ্ট ব্যক্তিসকলে উপস্থিত থকা সভাত আদৰণি সমিতিৰ সম্পাদক হেমেন শইকীয়াই শলাগৰ শৰাই আগবঢ়াই।সন্ধিয়া ভেৰগাঁও জিলা সাহিত্য শাখাৰ সভাপতি নৱ কুমাৰ তামুলীয়ে উদ্বোধন কৰা সাংস্কৃতিক অনুষ্ঠানত স্থানীয় আৰু আমন্ত্ৰিত শিল্পীয়ে গুৰুজনাৰ অপূৰ্ব কলা সংস্কৃতি পৰিবেশন কৰে। শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ভেৰগাঁও জিলা শাখাৰ সম্পাদক মাধৱ চন্দ্র বৰুৱা, শংকৰজ্যোতি মণ্ডলৰ সভাপতি ভবেন দাস ৰাভা ,আদৰণী সমিতিৰ সভাপতি নৱ কুমাৰ তামুলী, কাৰ্যকৰী সভাপতি টংকেশ্বৰ ৰাভা, যুটীয়া সাধাৰণ সম্পাদক কালিন্দ্ৰ ৰাভা, হেমেন শইকীয়া আৰু সহ সম্পাদক বিপিন চন্দ্ৰ ৰাভাই সাংসদ দিলীপ শইকীয়া, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, আদৰণী সমিতিৰ মুখ্য পৃষ্ঠপোষক শান্তিয়াছ কুজুৰ, সন্মানীয় বৰঙণি,সামগ্ৰী দাতা, তোৰণ দাতা ক্ৰমে পুনিৰাম ৰাভা সোঁৱৰণী তোৰণ (দাতা বিষ্ণু ৰাভা),টংলা আছু, আক্ৰাছু,আৰছু, এৱছু, এৱাইজেচিপি, টংলা প্ৰেছ ক্লাব, মৌচুমী সংঘ বিহু উদযাপন সমিতি, চৈবাৰী বিহু উদযাপন সমিতি, পূৱ টংলা আঞ্চলিক সাংস্কৃতিক যুৱ মঞ্চ, বাঁহেৰে নিৰ্মিত তোৰণ দাতা যুৱ সমাজক তথা ভক্তপ্ৰাণ ৰাইজক অধিবেশনখনত বিশেষভাৱে সহায় আগবঢ়ায় সাফল্যমণ্ডিত কৰি তোলা বাবে ধন্যবাদ জ্ঞাপন কৰি কৃতজ্ঞ হৈ সেৱা জনাইছে।২৭ জানুৱাৰীৰ কাৰ্য্যসূচী অনুসৰি অৰ্থাৎ প্ৰথম দিনা পুৱা ৬ বজাত শংকৰ জ্যোতি মণ্ডলৰ সেৱা বাহিনীৰ দ্বাৰা পৰিৱেশ নিকাকৰণ। বন্তি প্ৰজ্বলন, শৰাই নিবেদন আৰু নাম প্ৰসংগ কৰে ক্ৰমে মহিৰাম ৰাভা, নামঘৰীয় সৰ্বৰাম ৰাভা আৰু নামাচাৰ্য ৰবীন্দ্ৰ ৰাভাই।

বিশিষ্ট ব্যক্তিৰ দ্বাৰা গছপুলি ৰোপণৰ লগতে মূল তোৰণ উন্মোচন কৰে আদৰণী সমিতিৰ মুখ্য পৃষ্ঠপোষক তথা ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ শান্তিয়াছ কুজুৰে। ভোজনালয়ৰ দ্বাৰ উন্মোচন , শৰণ শিবিৰ , আদৰণী সমিতিৰ কাৰ্যালয় ,জিলা কাৰ্যালয় উদ্বোধন হোৱাৰ লগতে ভেৰগাঁও জিলা শাখাৰ শিশু – আই -মাতৃ কল্যাণ সমিতিৰ সভানেত্ৰী মহিমাময়ী বড়ো কছাৰীৰ সভাপতিত্বত সেৱা বাহিনী আৰু আই মাতৃৰ মুকলি সভাত সুবক্তা লক্ষীপ্ৰিয়া চহৰীয়াই নিৰ্দিষ্ট বক্তাৰ আসন অলঙ্কৃত কৰি সুমধুৰ ভাষণ দিয়ে। শিশু আই মাতৃ কল্যাণ সমিতিৰ সভানেত্ৰী কিৰণ শইকীয়া বৰাই মুখ্য অতিথিৰ অলঙ্কৃত কৰা সভাত কেন্দ্ৰীয় সেৱা বাহিনীৰ উপ মুখ্য অধিনায়ক ৰাজকমল ৰায় চৌধুৰী , সঞ্চালন সমিতিৰ সদস্য পিংকু ডেকা,কেন্দ্ৰীয় আই মাতৃ কল্যাণ সমিতিৰ কুঞ্জলতা ডেকা, প্ৰচাৰক নীলিমা ৰাভা উপস্থিত থাকে।দিনৰ ১ বজাত সাহিত্য আৰু সংস্কৃতি শাখাৰ মুকলি সভা উদ্বোধন কৰে জিলা সংস্কৃতি শাখাৰ সভাপতি অতুল চন্দ্ৰ নাথে আৰু সভাপতিত্ব কৰে সাহিত্য শাখাৰ সভাপতি সন্তো হাজৰিকাই। অধিৱেশনৰ স্মৃতিগ্ৰন্থ ফটিক নন্দন ৰাভা সম্পাদিত”ভকত ৰঞ্জন ” আৰু জিলা সাহিত্য শাখাৰ শাখাৰ মুখপত্র নৱ কুমাৰ তামুলী সম্পাদিত”শিৰোমণি ” উন্মোচক হিচাপে মনিকাঞ্চন বাৰ্তালোচনীৰ সভাপতি মুনীন্দ্ৰ মহন্ত আৰু সঙ্ঘৰ গ্ৰন্থ বিপণন শাখাৰ সম্পাদক ৰাম চন্দ্ৰ ডেকাই উপস্থিত থাকি সাৱলীল ভাষণ দিয়ে। শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ গদাধৰ ৰাজবংশীয়ে নিৰ্দিষ্ট বক্তাৰ আসন অলঙ্কৃত কৰি ধৰ্ম, সাহিত্যৰ লগতে গুৰুজনাৰ নীতি আদৰ্শ ওপৰত ভাষণ দিয়ে। টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ ভূপেন কুমাৰ গ্ৰন্থ অনুভৱ আৰু শুৱনি গেৰুৱা গাঁৱৰ ইতিবৃত্ত উন্মোচন কৰি ভাষণ দিয়ে বিশিষ্ট কবি, নিবন্ধকৰ ঘটেশ্বৰ বৰুৱা, ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি গৌৰী শংকৰ দাসে। পুৰন্দিয়া সাহিত্য সভাৰ সভাপতি লোকেশ্বৰ বনিয়া, সম্পাদক বিনন্দ হাজৰিকা, স্মৃতিগ্ৰন্থ উপ সমিতিৰ সভাপতি হিৰণ্য কুমাৰ তামূলী, গেৰুৱা ফুটুকীবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জীতেন্দ্ৰ ৰাভা, জিলা, মূলৰ বিষয়ববীয়া উপস্থিত থাকে।সন্ধিয়া বিশিষ্ট নাট্যযোদ্ধা, দাপোন দ্য মিৰৰ’ ৰ সঞ্চালক পবিত্ৰ ৰাভাই উদ্বোধন কৰা সাংস্কৃতিক অনুষ্ঠানত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ দৰং জিলা সংস্কৃতি শাখাৰ শিল্পীবৃন্দই “অৰ্জুন ভঞ্জন” অংকীয়া ভাওনা পৰিবেশন কৰি দৰ্শক শ্ৰোতাক মনোৰঞ্জন দিবলৈ সক্ষম হয়।

Leave A Reply