Breaking

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা  অধিবেশনৰ সফল সামৰণি

0 119

দৰং জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৫৩ সংখ্যক ৰাইজঘাট অধিবেশনৰ সফল সামৰণি পৰে। পুৱা সংঘৰ ধৰ্মধ্বজা উত্তোলন কৰি নৱ নিৰ্বাচিত জিলা সভাপতি হৰেশ্বৰ শইকীয়াই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিষ্ঠাপক  সন্মানীয় ব্যক্তি সকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰ পিচতে মুক্তিযুঁজাৰু ৰমাকান্ত ডেকা সমন্বয় ক্ষেত্ৰৰ পৰা ভাগৱত ভ্ৰমণ আৰু বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।

এখন সুসজ্জিত নাৱত ভাগৱত স্থাপন কৰি গায়ন-বায়ন সমন্বিতে দৰঙী ভিন্ন কলা-কৃষ্টিৰ সমাহাৰেৰে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাই সমগ্ৰ কটাহী-ৰাইজঘাট অঞ্চল হৰিৰ নামেৰে মুখৰিত কৰি তোলে। দুপৰীয়া নৱ নিৰ্বাচিত জিলা সভাপতি হৰেশ্বৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা খন ৬০ বছৰৰ উৰ্ধৰ লোকে পৰিবেশন কৰা বৰগীতেৰে শুভাৰম্ভ কৰা মুকলি সভাখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি জিলাৰ বিদায়ী সভাপতি উপেন্দ্ৰ নাৰায়ণ কুমাৰে এক শৰণ নাম ধৰ্মৰ মাজেৰে পৰম ব্ৰহ্ম উপলব্ধ হয় বুলি কয়।

নিৰ্দিষ্ট বক্তাৰ ভাষণত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাৰ সম্পাদক দেৱাঞ্জন বৰাই সম্প্ৰতি পৃথিৱী খনত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অৱদানে মানুহক ভোগবাদী আৰু বস্তুবাদী কৰি তোলা বুলি উল্লেখ কৰি কয়-এনে পৰিবেশত সমাজত ধৰ্মক যুক্তিৰে প্ৰতিষ্ঠা কৰিব লাগিব। মানৱ ধৰ্মই প্ৰকৃত ধৰ্ম বুলি উল্লেখ কৰি তেওঁ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ কৰ্ম সংস্কৃতি,মানৱ কল্যাণ আৰু জীৱ জগতৰ কল্যাণৰ বাণী সমূহ নৱ প্ৰজন্মৰ মাজত যুক্তিৰে দাঙি ধৰাৰ পোষকতা কৰে।

আন এগৰাকী বক্তা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুটীয়া সম্পাদক ড০দুৰ্লভ পাঠকে মহাপুৰুষ জনাৰ আদৰ্শৰে সমাজ গঠন প্ৰক্ৰিয়াত সকলোৰে সহায় সহযোগিতা কামনা কৰে। মুখ্য অতিথিৰ আসনৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নৱ নিৰ্বাচিত পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকা, প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশীয়ে ভাষণ প্ৰদান কৰি কয় যে শ্ৰীমন্তশঙ্কৰদেৱক অসমীয়া সমাজৰ যুগস্ৰষ্টা হিচাবে প্ৰতিষ্ঠিত নকৰিলে ঈশ্বৰৰ নাম গুন হৃদয়ংগম কৰি গুনানুকীৰ্তন নকৰিলে অসমীয়া সমাজ ধ্বংস হবলৈ বেচি দিন নালাগে বুলি দৃঢ়তাৰে কয় ৷ 

ইয়াৰোপৰি প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া, ছাত্ৰ নেতা পৰাগ চহৰীয়া, প্ৰাক্তন ছাত্ৰ নেতা মকুন্দ ডেকাকে ধৰি সভা খনত বহু কেইজন বিশিষ্ট অতিথি উপস্থিত থাকে। সন্ধিয়া সাংস্কৃতিক সন্ধিয়াত স্থানীয় শিল্পী  আৰু বিশিষ্ট গায়িকা তৰালী শৰ্মাৰ গীতৰ শৰাইৰে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ সামৰণি মৰা হয়।

Leave A Reply