Breaking

বিহালীৰ চেৰেলীয়াত লক্ষীমন ধৰ্মাৱলম্বী কাৰ্বি জনগোষ্ঠীৰ “লক্ষীমন কাৰ্চ্চ’ ” উৎসৱৰ সফল সামৰণি

0 1,251

 বিহালী সমষ্টিৰ অন্তৰ্গত চেৰেলীয়া লক্ষীমন দ’ৱানত যোৱা ৫ ফেব্রুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে লক্ষীমন ধৰ্মাৱলম্বী কাৰ্বি জনগোষ্ঠীৰ লোকসকলে ৬৪ সংখ্যক লক্ষীমন ধৰ্মৰ আবিৰ্ভাৱ তিথি তথা লক্ষীমন কাৰ্চ্চ’ উৎসৱ ধাৰ্মিক পৰম্পৰাৰে পালন কৰা হৈছে । উৎসৱৰ আজি অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি মুকলি সভা অনুস্থিত হৈ যায় । উক্ত সভাত তিৰিকাম আমেই (উদযাপন সমিতি) ৰ সম্পাদক লোহিত ৰংপিয়ে আঁত ধৰা সভাখনত সভাপতিত্ব কৰে অমল ৰংপিয়ে ।

সভাত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে বিহালী কাৰ্বি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্রী সূচেনা বে’পী, বিশিষ্ট অতিথি লক্ষীমন সংঘ কেথম দ’ৱান লংৰি আমেইৰ সভাপতি ৰিছু ইংতি, প্ৰচাৰ সম্পাদক ৰামিন তিমুং, শিক্ষক থানু ইংতি, দ’ৱান পৰিচালনা সমিতিৰ সভাপতি দীপচেন ইংতি, সম্পাদক ধনীৰাম তিমুং, দ’ৱান মহিলা সমিতিৰ সভানেত্ৰী ললিতা চিংনাৰপী, সম্পাদিকা কাৱে হাঞ্চেপী আৰু বহুকেইজন ব্যক্তিয়ে বক্তব্য আগবঢ়ায় । ইয়াৰ পিছত বিশ্বনাথৰ উদীয়মান কণ্ঠশিল্পী ৰাজু ৰংপিক লক্ষীমন সংঘ কেথম দ’ৱান লংৰি আমেই, চেৰেলীয়া দ’ৱান পৰিচালনা সমিতি আৰু দ’ৱান চ’-আৰল’ চিংৰি আমেইৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হয় । সন্ধিয়াৰ ভাগত বিভিন্ন খেল ধেমালি অনুস্থিত কৰি সফলভাৱে উৎসৱৰ অন্ত পৰে ।

Leave A Reply