Breaking

দৰং জিলা সাহিত্য সভাৰ সৰাবাৰী অধিবেশনৰ সফল সামৰণি; স্মৃতিগ্ৰন্থ সহ কেইবাখনো গ্ৰন্থ উন্মোচন…

0 90

“এসময়ত ইংৰাজী ভাষা এটা বিষয় আছিল,এতিয়া ই উভতি গৈ অসমীয়া ভাষা বিষয় হিচাপে পঢ়িব লগা হৈছে”-এই মন্তব্য শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য-বিজ্ঞান বিশ্ব বিদ্যালয়ৰ উপাচার্য ডাঃ ধ্ৰুৱজ্যোতি বৰাৰ।দৰং জিলা সাহিত্য সভাৰ ৪৭ সংখ্যক দ্বি-বাৰ্ষিক সৰাবাৰী অধিবেশনৰ আঠ জানুৱাৰীৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰি ডাঃ বৰাই সময়ৰ লগে লগে ভাষাৰ ভূমিকা বহুখিনি পৰিবৰ্তন হোৱাই নহয় অতি সম্প্ৰতি ইংৰাজী ভাষাৰ প্ৰতি ধ্যান-ধাৰণা প্ৰভুতঃপৰিমানে সলনি হৈছে বুলি কয়।

সৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাকৰিত “ভৱকান্ত মহন্ত আৰু নিৰু মহন্ত সোঁৱৰণী ক্ষেত্ৰ”ত সাত আৰু আঠ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুস্থিত অধিবেশনৰ মুকলি সভাত ডাঃ ধ্ৰুৱজ্যোতি বৰাই কালক্ৰমত অসমীয়া ভাষাটো ৰাজ্যৰ বিদ্যালয় সমূহত যাতে বিলুপ্ত নহয়,বৰঞ্চ ইয়াক বাধ্যতামূলক কৰিব পাৰি তাৰ বাবে অসমবাসী সদা সচেতন হব লাগিব আৰু প্ৰয়োজনত ইয়াৰ বাবে ৰাইজ মাৰবান্ধি ৰাজপথলৈ ওলাই আহিব লাগিব।

কাৰণ আমাৰ পৰিচয়ৰ প্ৰথম আৰু আদি ভাষাটোৱেই হ’ল অসমীয়া ভাষা বুলি কয়।জিলা সভাৰ সভাপতি শশীধৰ নাথৰ সঞ্চালনাত অনুষ্ঠিত সভা উদ্বোধন কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি অধ্যাপক ইদ্রিস আলিয়ে সম্প্ৰতি সাহিত্যৰ প্ৰতি ৰাইজৰ আকৰ্ষণ বৃদ্ধি পোৱাটো জাতিটোৰ বাবে উৎসাজনক বিষয় হিচাপে পৰিগণিত এক শুভ লক্ষণ বুলি কয়।বিশিষ্ট চিকিৎসক, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ, জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া, দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কুমাৰ চহৰীয়া প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাত জিলা সাহিত্য সভাৰ বাৰ্ষিক স্মৃতি গ্ৰন্থ আৰু বিনীতা বৰুৱাৰ গল্প সংকলন “কাল সন্ধ্যা” আৰু মহেশ গোস্বামীৰ “প্ৰবন্ধ গুচ্ছ” উন্মোচন কৰে অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাই।

লেখিকা প্ৰণতি দেৱী ভট্টাচার্যৰ হাতে লিখা অৱস্থাত থকা “কোচ ৰজাৰ বুৰঞ্জী “শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে ড° পৰমানন্দ ৰাজবংশীয়ে।কুঁহি উপ সমিতিৰ শিশু গ্ৰন্থ “কুঁহি” উন্মোচন কৰে ডাঃ ধ্ৰুৱজ্যোতি বৰাই।বুঢ়ীনগৰ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰত্নাৱলী দেৱীৰ “শ্ৰদ্ধাৰ্ঘ” আৰু “প্ৰবন্ধ সংকলন” শীৰ্ষক গ্ৰন্থ দুখন উন্মোচন কৰে ক্ৰমে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা আৰু দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শশীধৰ নাথে।আনহাতে লেখক উমাকান্ত নাথৰ “বাছ আস্থানৰ ভদ্ৰলোক” শীৰ্ষক গ্ৰন্থ খন উন্মোচন কৰে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বৰদা শইকীয়াই।

পুৱাৰ ভাগত জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথক ননৈ পৰীয়া শাখা সাহিত্য সভাৰ কাৰ্যালয়ৰ পৰা পুষ্পসজ্জিত নৌকাসদৃশ বাহনেৰে বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্রাৰে আদৰি নিয়া মুকলি সভাতে ননৈ পৰীয়া সাহিত্য সভাক শ্ৰেষ্ঠ সংগঠক আৰু হাজৰিকাপাৰা শাখা সাহিত্য সভাক শ্ৰেষ্ঠ শাখা বঁটা প্ৰদান কৰা হয়।ইয়াৰ আগতে পুৱা ন বজাত বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে অসম বাৰ্তা জীৱি সংঘৰ সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মাই।অধিবেশনৰ কাৰ্যসূচী অনুসৰি সাত জানুৱাৰীৰ পুৱা চাৰে সাত বজাত সমূহীয়া পৰিবেশ স্বচ্ছতা অভিযানৰ ন বজাত অসম সাহিত্য সভাৰ মূল পতাকা উত্তোলন কৰে দৰং জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি বৰদা শইকীয়াই।

সমান্তৰালভাৱে অভ্যৰ্থনা সমিতিৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে ৪৭ খন পতাকাৰ মুখ্য উত্তোলক হিচাপে অংশ লোৱা ৪৭ খন পতাকা বিশিষ্ট ব্যক্তিয়ে উত্তোলন কৰে।ইয়াৰ পিছতে মুখ্য বন্তি প্ৰজ্বালন কৰে সৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বীৰেন্দ্ৰ কলিতাই।সমান্তৰালভাৱে ৪৭ গছি বন্তি প্ৰজ্বালন কৰে ৪৭ গৰাকী বিশিষ্ট ব্যক্তিয়ে।স্মৃতি তৰ্পণ,ক্ষেত্ৰ আৰু মুখ্য তোৰণ উন্মোচন, কুঁহি,প্ৰতিিনিধ শিবিৰ মুুুুকলি,সৰাবাৰী শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক প্ৰয়াত গিৰিশ বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আকাশ অনুষ্ঠান আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
-দ্বীপেন ডেকানামখলা

Leave A Reply