Breaking

যমুনাপৰীয়া শাখা সাহিত্য সভাৰ ব্যৱস্থাপনাত জিলা ভিত্তিক অসমীয়া আখৰ জোঁটনি আৰু উচ্চাৰণ কৰ্মশালাৰ সফল সামৰণি

0 2,068

বৰপুখুৰীৰ (পীৰবজাৰ) মাৰাম একাডেমীত দুদিনীয়াকৈ “জিলা ভিত্তিক অসমীয়া আখৰ জোঁটনি আৰু উচ্চাৰণ” কৰ্মশালাৰ আয়োজন কৰা হয়। যমুনাপৰীয়া শাখা সাহিত্য সভাৰ ব্যৱস্থাপনাত আয়োজন কৰা কৰ্মশালাখনি জানুৱাৰীৰ ৯ আৰু ১০ তাৰিখে আয়োজন কৰা হয়।

হোজাই জিলা ভিত্তিক কৰ্মশালাৰ সন্দৰ্ভত সভাৰ হোজাই জিলা সম্পাদক অনুপ কুমাৰ বৰঠাকুৰে জাৰি কৰা প্ৰেছ বাৰ্তা অনুসৰি প্ৰথম দিনা হোজাই, মোৰাঝাৰ, পদুমনি, পীৰবজাৰ, চাৰিংপথাৰ আদি অঞ্চলৰ অসমীয়া মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহৰ প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ব্যাপক সহাৰি জনায়। এই উপলক্ষে পুৱা ৯:০০ বজাত ব্যৱস্থাপক শাখা সাহিত্য সভা, যমুনাপৰীয়া শাখা সাহিত্য সভাৰ সভাপতি চাবিৰ আহমেদে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে। অসমৰ জাতীয় মহাসভাখনৰ জন্মৰ এশ চাৰিবছৰৰ অন্তত জিলাখনৰ উত্তৰ দিশৰ অত্যন্ত পিচপৰি থকা বৰপুখুৰী এলেকাত প্ৰথম বাৰৰ বাবে অসম সাহিত্য সভাৰ পতাকাখন উত্তোলন কৰিবলৈ পাই ধন্য হোৱা বুলি উল্লেখ কৰাৰ লগতে অসমীয়া ভাষা আৰু জাতিৰ সংকট মুক্তৰ বাবে সকলোকে মাৰবান্ধি থিয় দিবৰ সময় সমাগত বুলি কয়। কৰ্মশালাৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি বিশিষ্ট সাহিত্যিক ড: সাৰদানন্দ দেৱগোস্বামীয়ে ভাষাটোক বিজতৰীয়া হোৱাৰ পৰা ৰক্ষা কৰিবলৈ হ’লে উঠি অহা চামক এনেধৰণৰ কৰ্মশালাৰ মাধ্যমত অসমীয়া ভাষাৰ কালিকাখিনি উপলব্ধি কৰাবই লাগিব বুলি কয়। ভাষণ প্ৰসংগত তেখেতে ছাত্ৰ-ছাত্ৰীৰ লগতে বিষয় শিক্ষকসকলেও কৰ্মশালাত অংশগ্ৰহণ কৰা আৱশ্যক বুলি কোৱাৰ উপৰিও কয় যে শিক্ষকেই যদি উচ্চাৰণ অশুদ্ধকৈ কৰে ছাত্ৰই ক’ৰ পৰা শুদ্ধকৈ শিকিব।কৰ্মশালাৰ দ্বিতীয় দিনাও পুৱা ১০ বজাৰ পৰা প্ৰশিক্ষণ আৰম্ভ হয়। দিনৰ ১:০০ বজাত কৰ্মশালাৰ অন্তত জিলা সভাপতি ড: গুণেশ্বৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত যমুনাপৰীয়া শাখা সাহিত্য সভাৰ সভাপতি চাবিৰ আহমেদে আদৰণী ভাষণ প্ৰদান কৰে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অধ্যাপক ড: হাচিনুচ চুলতানে আজিকালি অসমীয়া ভাষা ব্যৱহাৰ কৰা সকলে সততে জানি বা নাজানি কৰি অহা বানান বিভ্ৰাটৰ বিষয়ে বহলাই কয়। মুকলি সভাত বিশিষ্ট গল্পকাৰ সিদ্ধাৰ্থ শংকৰ বেজবৰুৱাই কবি চাদিকুজ জামানৰ কাব্যপুথি ‘এজাক বৈৰী মানুহৰ সমাজ’ উন্মোচন কৰে।দুদিনীয়াকৈ আয়োজন কৰা কৰ্মশালাখনৰ মুখ্য সমল ব্যক্তিৰূপে উপস্থিত থাকে ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষা ড: নিৰলা দেৱী আৰু সহ-সমল ব্যক্তিৰূপে চয়নিকা ডেকা। দুয়োগৰাকী সমল ব্যক্তিয়ে ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া বৰ্ণৰ উচ্চাৰণ আৰু বানান সম্পৰ্কে বিতংকৈ প্ৰশিক্ষণ দিয়াৰ লগতে হোজাই সাহিত্য সভাৰ সভাপতি ডা: শ্বামছুল হকে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি মূল্যৱান ভাষণ প্ৰদান কৰে। উল্লেখ্য যে, প্ৰথম দিনাৰ কৰ্মশালাত প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলক স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণৰ সঠিক উচ্চাৰণ কেনেকৈ কৰিব লাগে তাৰবাবে প্ৰশিক্ষণ প্ৰদান কৰে ড: সাৰদানন্দ দেৱগোস্বামী আৰু আবৃত্তিকাৰ অচ্যুত ঠাকুৰীয়াই। জিলা সভাপতি ড: গুণেশ্বৰ শইকীয়াৰ উপস্থিতিত  কৰ্মশালাখনৰ সামগ্ৰীক পৰিচালনাৰ দায়িত্বত জিলা সভাৰ সহকাৰী সম্পাদক যোগেন দত্ত, ৰামধেনু উপ-সমিতিৰ আহ্বায়ক প্ৰতাপ বৰুৱা, শাখাৰ সভাপতি চাবিৰ আহমেদ, শাখা সম্পাদক চাদিকুজ জামান আৰু অভ্যৰ্থনা সমিতিৰ সম্পাদক আবু চুফিয়ান আদিয়ে উপস্থিত থাকে।সভাৰ অন্তত প্ৰশিক্ষাৰ্থীসকলক প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। শেষত সভাপতি ড: গুণেশ্বৰ শইকীয়াই অসম সাহিত্য সভাৰ উদ্দেশ্য আৰু লক্ষ্যৰ দিশত দুদিনীয়া কৰ্মশালাখন এক ইতিবাচক পদক্ষেপ বুলি উল্লেখ কৰি অসমৰ সকলো জাতি জনগোষ্ঠীক সামৰি বৃহত্তৰ অসমীয়া জাতি গঠণৰ দিশত জাতি, ধৰ্ম নিৰ্বিশেষে প্ৰতিজন অসমবাসীৰে কৰণীয়খিনি নিষ্ঠাৰে আগবঢ়াবলৈ আহ্বান জনায়। হোজাই জিলা সাহিত্য সভাৰ দ্বাৰা পোন প্ৰথমবাৰৰ বাবে লোৱা এনে প্ৰয়াসৰ প্ৰতি অঞ্চলবাসীয়ে দেখুৱা অকুণ্ঠ সহযোগে জাতীয় মহাসভাখনৰ প্ৰতি একাত্মতা অধিক দৃঢ হোৱা পৰিলক্ষিত হয়, জাতীয় সংগীতেৰে কৰ্মশালাৰ সমাপ্তি ঘোষণা কৰা হয়।

Leave A Reply