Breaking

গোৱালপাৰা আৰক্ষীৰ সফল অভিযান : আটক আহমেদ আলী নামৰ এজন গাঞ্জা ব্যৱসায়ী

0 537

কালি বিয়লি ৬:৩০ মান বজাত গোৱালপাৰাৰ বলদমাৰী চৰ অঞ্চলৰ কালু বজাৰ দলংৰ কাষত এক গোপন সূত্ৰৰ পম খেদি গোৱালপাৰা সদৰ আৰক্ষীৰ আৰক্ষীয়ে এজন গাঞ্জা  ব্যৱসায়ী  আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে আৰক্ষীয়ে প্ৰায় দূঘন্টা ধৰি বাহৰ পাতি থকাৰ পিছত আটক কৰিবলৈ সক্ষম হয় গাঞ্জাৰ ব্যৱসায়ীজনক।
গোৱালপাৰা সদৰ আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আদিত্য প্ৰকাশ দেউৰী আৰু উপ-আৰক্ষী পৰিদৰ্শক সঞ্জয় আনন্দ মূছাহাৰীৰ নেতৃত্বত এটা আৰক্ষীৰ দলে বুধবাৰে বিয়লি ৪ বজাৰে পৰা এক গোপন সূত্ৰৰ পম খেদি গোৱালপাৰাৰ বলদমাৰী অঞ্চলৰ কালু বজাৰ দলংৰ কাষত বাহৰ পাতি আছিল। প্ৰায় দুঘণ্টা অতিক্ৰম কৰাৰ পাছত অৱশেষত গাঞ্জাৰ ব্যৱসায়ী আহমেদ আলীক হাতে লোটে আটক কৰিবলৈ সক্ষম হয়। এই অভিযানত গাঞ্জা ব্যৱসায়ী আহমেদ আলীৰ লগতে ৮.১৫০ কিঃগ্ৰাম গাঞ্জা উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে গাঞ্জা ব্যৱসায়ীজনক আটক কৰি গোৱালপাৰা সদৰ থানালৈ লৈ যায় যদিও আন এজন গাঞ্জা ব্যৱসায়ী পলাই যাবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে। 
আৰক্ষী সূত্ৰে জানিব পৰা মতে জব্দ কৰা গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ৯০ হাজাৰ টকা। আৰক্ষীয়ে প্ৰাথমিক পৰ্যায়ৰ তদন্ত অব্যাহত ৰাখিছে।2 Attachments

Leave A Reply