Breaking

বিশ্বত প্ৰথমবাৰৰ বাবে ছালৰ কৰ্কট ৰোগৰ ভেকছিনৰ সফল পৰীক্ষণ সম্পন্ন…

0 14

ছালৰ কৰ্কট ৰোগৰ আটাইতকৈ মাৰাত্মক প্ৰকাৰ হৈছে মেলানোমা৷ ইয়াৰ বিৰুদ্ধে বিশ্বৰ প্ৰথম এমআৰএনএ ভেকছিনৰ এক গুৰুত্বপূৰ্ণ পৰীক্ষণ আৰম্ভ হ’ল ২৭ এপ্ৰিলৰ পৰা৷ যোৱা আগষ্ট মাহত মূৰৰ ছালত মেলানোমা সৃষ্টি হোৱা ৫২ বছৰীয়া ষ্টিভ ইয়ং হৈছে ভেকছিন গ্ৰহণ কৰা প্ৰথমগৰাকী ব্যক্তি৷ ইটো এই ভেকছিন ৰোগ প্ৰতিৰোধ প্ৰণালীকশক্তিশালী কৰি কৰ্কট ৰোগৰ কোষ চিনাক্ত আৰু ধ্বংস কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে। আশা কৰা হৈছে যে এই ভেকছিন গ্ৰহণ কৰিলে পিছলৈ পুনৰ ছালৰ কৰ্কট ৰোগ ঘূৰি নাহে।

জেব, এমআৰএনএ-৪১৫৭ (ভি৯৪০) নামৰ ছালৰ কৰ্কট ৰোগৰ ভেকছিন বিধ কোভিড ভেকছিনৰ দৰে একে প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছে৷ ইউনিভাৰ্চিটি কলেজ লণ্ডন হস্পিটেলছৰ (ইউচিএলএইচ) চিকিৎসকে এই ভেকছিনৰ বিকাশত প্ৰধান ভূমিকা গ্ৰহণ কৰিছে৷ ভেকছিন বিধে শৰীৰক প্ৰ’টিন বা এণ্টিবডী তৈয়াৰ কৰিবলৈ নিৰ্দেশ দি কাম কৰেআৰু কৰ্কট কোষবোৰত পোৱা মাৰ্কাৰ বা এণ্টিজেনক আক্ৰমণ কৰে। ইউচিএলএইচৰ গৱেষক ডাঃ হিথাৰ শ্ব’য়ে কয় যে এই ভেকছিনে জেবৰ মেলানোমা থকা লোকসকলক আৰোগ্য কৰাৰ সম্ভাৱনা আছে আৰু অন্যান্য কৰ্কট ৰোগ – হাঁওফাঁও, মূত্ৰাশয় আৰু বৃক্কৰ টিউমাৰৰ ক্ষেত্ৰতো ভেকছিন বিধে কাম দিব পাৰে৷ সেয়াও পৰীক্ষা কৰা হৈছে৷


ছালৰ কৰ্কট ৰোগ মেলানোমাৰ সচৰাচৰ লক্ষণবোৰৰ ভিতৰত আছেঃ ছালত সৃষ্টি হোৱা তিল বা সৰু টেমুনা যি বাঢ়ি যায় বা সময়ৰ লগে লগে সলনি হোৱা যেন লাগে। চাব লাগিব তিলটোৰ অসম আকৃতি আছে নেকি?, তিলটোৰ কাষবোৰ অস্পষ্ট নে দাগযুক্ত? তিলটোৰ ৰং আন তিলতকৈ বেলেগ নেকি? তিলটোৰ ৰং সলনি হৈ থাকিলে এয়া ছালৰ কৰ্কট ৰোগৰ সক্ষণ হ’ব পাৰে৷ টেমুনা বা তিলটো দেহত থকা আনবোৰতকৈ ডাঙৰ নেকি? খজুৱতি , ৰক্তক্ষৰণ আদি হয় নেকি? এনেবোৰ লক্ষণ থাকিলেই ছালৰ কৰ্কট ৰোগ নহ’বও পাৰে৷ এইক্ষেত্ৰত সঠিক পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ।

Leave A Reply