Breaking

হঠাতে পাইলটৰ চকু ছাট মাৰি ধৰিলে উজ্জ্বল লেজাৰ লাইটে ! দমদম বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল যাত্ৰীবাহী বিমান…

0 48

হঠাতে পাইলটৰ চকু ছাট মাৰি ধৰিলে উজ্জ্বল লেজাৰ লাইটে! দমদম বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল যাত্ৰীবাহী বিমান

হঠাতে পাইলটৰ চকু ছাট মাৰি ধৰিলে উজ্জ্বল লেজাৰ লাইটে!। দমদম বিমান বন্দৰত এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এখন যাত্ৰীবাহী বিমান। কলকাতা অভিমুখী বিমান খনে অৱতৰণ কৰিবলৈ লোৱাৰ সময়তে উজ্জ্বল লেজাৰ লাইটে পাইলটৰ চকু ছাট মাৰি ধৰে। পাইলটে অভিযোগ কৰা অনুসৰি সেউজীয়া লেজাৰ পোহৰে পাইলট আৰু সহ-পাইলটসকলক কিছু সময়লৈ একো নেদেখা কৰি তোলে। পাইলটে মুহূৰ্তৰ বাবে দিশ নিৰ্ধাৰণ কৰাত সমস্যাৰ সন্মুখীন হয়। কিন্তু পাইলটে লগে লগে পৰিস্থিতি চম্ভালি লোৱাত বিমান খন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰা কথমপি ৰক্ষা পৰে। বিমানবন্দৰ কৰ্তৃপক্ষই আৰক্ষীৰ ওচৰত ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছে।

কলকাতা বিমান বন্দৰৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বাংগালুৰুৰ পৰা অহা বিমানখনে কলকাতাৰ দমদম বিমানবন্দৰত অৱতৰণ কৰিবলৈ লোৱাৰ সময়তে নাৰায়ণপুৰৰ ফালৰ পৰা লেজাৰ লাইটৰ সেউজীয়া পোহৰে ককপিটখন পোহৰাই তোলে। ইয়াৰ ফলত পাইলট আৰু সহ-পাইলটৰ মাজত কিছু বিভ্ৰান্তিৰ সৃষ্টি হয়। বিমানখনত ১৮০ গৰাকী যাত্ৰী আৰু ছয়জন কেবিন ক্ৰু আছিল। বিমানবন্দৰ কৰ্তৃপক্ষই নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে।

বাংগালুৰুৰ পৰা কলকাতালৈ আহি থকা ইণ্ডিগ’ৰ এখন বিমানতো কেইদিনমান পূৰ্বে একে ধৰণৰ ঘটনাই ঘটিছিল। একেদৰে কিছুদিন পূৰ্বে আগৰতলাৰ পৰা কলকাতালৈ যোৱা এখন ইণ্ডিগো বিমানৰ অৱতৰণৰ সময়তো একে ঘটনাই ঘটিছিল। কিন্তু প্ৰশ্ন হৈছে পাইলটক বিভ্ৰান্ত কৰিবলৈ এনেদৰে লেজাৰ লাইট কোনে মাৰি আহিছে?

Leave A Reply