Breaking

হঠাৎ বৃদ্ধি পাইছে শোৱণশিৰিৰ জলস্তৰ…

0 1,039

মহাবাহু ব্ৰহ্মপুত্ৰৰ পিছত হঠাত জলস্তৰ বৃদ্ধি পাইছে উপনৈ শোৱণশিৰিৰ । বুধবাৰৰ পৰা অস্বাভাৱিক ভাৱে প্ৰায় দুই মিটাৰ পৰ্যন্ত পানী বাঢ়ি যোৱাৰ ফলত নৈ পৰীয়া ৰাইজৰ মাজত একপ্ৰকাৰ হাঁহাকাৰ লাগিছে।

দীৰ্ঘদিন ধৰি বৰষুণ নোহোৱাৰ ফলত মহাবাহু ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ নৈ-উপনৈ সমুহ অস্বাভাৱিক ভাবে শুকাই গৈছিল । বাৰিষা ভয়াবহ ৰূপ ধাৰণ কৰা নৈ বোৰ চৌদিশে বালি আৰু বালি হৈ পৰিছিল । কিন্তু হঠাত এনেদৰে জলস্তৰ বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে নৈ পৰীয়া লোক সকল ।

একাংশ বয়োজেষ্ঠ লোকে জনোৱা মতে পূৰ্বে চ’ত মাহত এনেধৰণৰ ঘটনা দেখা তেওঁলোকৰ মনত নপৰ ।এতিয়া প্ৰশ্ন হয় বৰষুণ নোহোৱাকৈ হঠাত ক’ৰ পৰা আহিল পানী । নে কোনো বৃহৎ নদী বান্ধৰ পৰা গোপনে এৰি দিয়া হৈছে অতিৰিক্ত পানী ??

Leave A Reply