বটদ্ৰৱাৰ আমলখি লৈ গৌৰৱ কঢ়িয়াই আনিলে মেধাৱী ছাত্ৰ চুফিয়ান পাৰভিজে…

নগাঁও জিলাৰ বটদ্ৰৱা থানাৰ অন্তৰ্গত আমলখি লৈ গৌৰৱ কঢ়িয়াই আনিলে মেধাৱী ছাত্ৰ চুফিয়ান পাৰভিজে। টুকটুকী ছায়া স্মৃতি এম ই মাদ্ৰাছাৰ শিক্ষক তথা আমলখি নিবাসী শ্বাহদত আলী শিকদাৰ আৰু মাহমুদা চান্দৰ এক মাত্ৰ পুত্ৰ চুফিয়ান পাৰভিজে যোৱা ৪ জুনত ঘোষিত ৰাষ্ট্ৰীয় যোগ্যতাসহ প্ৰৱেশ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চল বাসীক গৌৰৱান্বিত কৰি তুলিছে।

জানিব পৰা মতে, ৰাষ্ট্ৰীয় যোগ্যতা সহ প্ৰৱেশ পৰীক্ষা ইউ জি ২০২৪ চনৰ মুঠ ৭২০ নম্বৰৰ পৰীক্ষাত ৬২১ নম্বৰ পাবলৈ সক্ষম হয় তীক্ষ্ণ মেধা সম্পন্ন ছাত্ৰ চুফিয়ান পাৰভিজে।সৰ্ব ভাৰতীয় এই পৰীক্ষাৰ ভাবে নগাঁও কনচেপ্ট জুনিয়ৰ কলেজৰ ছাত্ৰ চুফিয়ান পাৰভিজে হোজাই চহৰ স্থিত আজমল চুপাৰ 40 কোচিং কেন্দ্ৰত অধ্যয়ন কৰিছিল। ভবিষ্যতে এজন সু-চিকিৎসক হোৱাৰ সপোন মনতে পুহি ৰখা চুফিয়ান পাৰভিজৰ এনে সফলতাত অঞ্চল জুৰি আনন্দৰ বন্যা বোৱাৰ বিপৰীতে সকলোৱে উজ্জ্বল ভবিষ্যতৰ কামনাৰে শুভেচ্ছা জনাইছে।

Related Articles