Breaking

আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ এম্বেচাডৰ হোৱাৰ বাবে ট্ৰ’লৰ সন্মুখান সুহানা খান…

0 69

শ্বাহৰুখৰ কন্যা চুহানা ব্ৰেণ্ড এম্বেচাডৰ হোৱাৰ বাবে ট্ৰলৰ সন্মুখীন হৈছে। একাংশই ঠাট্টা-মস্কৰা কৰিছে যে শ্বাহৰুখ খানৰ কন্যা চুহানা খানে কি কৰিছে। কেৱল পিতৃ শ্বাহৰুখ খানৰ কৃতিত্বক লৈ এই সন্মান লাভ কৰিছে নেকি। কিং খানেও এই অনুষ্ঠানৰ পৰা তেওঁৰ মৰমৰ কন্যাৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ লগতে সুহানাক লৈও গৌৰৱ প্ৰকাশ কৰিছে। এই কৃতিত্বৰ বাবে সকলো অনুৰাগী আৰু চেলিব্ৰিটিয়ে চুহানাক অভিনন্দন জনোৱাৰ সময়তে বহুতে ট্ৰ’লে কৰিছে।

বহুলোকে চুহানা খানৰ ব্ৰেণ্ড এণ্ডাৰছমেণ্টক ‘ষ্টাৰ কিড প্ৰিভিলেজ’ৰ বাহিৰে আন একো নহয় বুলি কয়। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “শ্বাহৰুখ খানৰ কন্যা হোৱাৰ উপৰিও চুহানা খানে এই ডাঙৰ আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ড পাবলৈ কি কৰিছে?” আনকি তেওঁৰ কোনো এখন ছবিও ওলোৱা নাই আৰু নেপটিজিম দেখা গৈছে বুলি মন্তব্য কৰে।


বৰ্তমান সুহানা খানে বলীউডত ভৰি দিবলৈ সাজু হৈছে। সুহানাই চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছে জয়া আখতাৰৰ আইকনিক আমেৰিকান কমিক ছিৰিজৰ আধাৰত নিৰ্মিত ‘দ্য আৰ্চিজ’ৰ জৰিয়তে। ছবিখনত অমিতাভ বচ্চনৰ নাতি অগস্ত্য নন্দ আৰু বনী কাপুৰৰ কন্যা খুশী কাপুৰেও লঞ্চ পেড হিচাপে কাম কৰিব।

Leave A Reply