Breaking

ইয়োনেক্স চানৰাইজ বেডমিণ্টন টুৰ্ণামেণ্টত অসমৰ সুমিতা পূজাৰীয়ে চল্লিশ উৰ্ধ মহিলা ডাবলছত অৰ্জন কৰে স্বৰ্ণ পদক

0 63

২০২৩ চনৰ ইয়োনেক্স ছানৰাইজ অল ইণ্ডিয়া মাষ্টাৰছ ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতাত ৪০+ মহিলা ডাবলছত স্বৰ্ণ পদক লাভ কৰিছে অসমৰ সুমিত্ৰা পূজাৰীয়ে।

উদয়পুৰ বেডমিণ্টন এছ’চিয়েশ্যনৰ উদ্যোগত ৰাজস্থান বেডমিণ্টন এছ’চিয়েশ্যন আৰু ভাৰতীয় বেডমিণ্টন এছ’চিয়েশ্যনৰ তত্বাৱধানত ১৭ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ এই প্ৰতিযোগিতাখন অনুষ্ঠিত হয়।

ইয়াৰ পূৰ্বে উদয়পুৰ চহৰৰ আৰ এল চৌফ্লা বেডমিণ্টন একাডেমী আৰু চাৱাট স্প’ৰ্টছ একাডেমীত অনুষ্ঠিত এই লাভজনক প্ৰতিযোগিতাত ৪০+ মিক্সড ডাবলছতো ব্ৰঞ্জৰ পদক লাভ কৰিছিল খেলুৱৈগৰাকীয়ে। সুমিতা পূজাৰীয়ে মহাৰাষ্ট্ৰৰ ৰাধিকা মধুৰ ইংগালহলকাৰৰ সৈতে ডাবলছৰ বাবে, আৰু মিক্সড ডাবলছৰ বাবে নাগালেণ্ডৰ জোচেফ ছুমিৰ সৈতে যোগদান কৰে।

উল্লেখযোগ্য যে পূজাৰী এগৰাকী ক্ৰীড়াবিদ আৰু বৰ্তমান তেওঁ গুৱাহাটীৰ ভাৰত সঞ্চাৰ নিগম লিমিটেডত নিয়োজিত হৈ আছে।

পূজাৰীৰ উপৰিও অসমৰ পৰাও নিজ নিজ ক্ষেত্ৰত ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰা ক্ৰীড়াবিদো আছে।

যোৱা বছৰৰ ডিচেম্বৰ মাহত চণ্ডীগড়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় কিকবক্সিং চেম্পিয়নশ্বিপত ৬০ কেজিৰ তলৰ ছিনিয়ৰ মহিলা শাখাত স্বৰ্ণ পদক অৰ্জন কৰি ৰাজ্যখনলৈ সন্মান কঢ়িয়াই আনিছিল অসমৰ নুপুৰ ৰাজবংশীয়ে।

Leave A Reply