Breaking

টংলাত ভিচুৱেল আৰ্ট এণ্ড ক্ৰাফট ছোচাইটিৰ উদ্যোগত গ্ৰীষ্মকালিন কাৰুকলা আৰু চিত্ৰাংকণ কৰ্মশালা

0 120

ছাত্র -ছাত্ৰীৰ শাৰীৰিক মানসিক বিকাশৰ লগতে সুপ্ত প্ৰতিভা বোৰ জগাই তুলিবলৈ গঢ়লোৱা টংলাস্থিত ভিচুৱেল আৰ্ট এণ্ড ক্ৰাফট ছোচাইটিৰ উদ্যোগত আজিৰে পৰা টংলা আদৰ্শ বিদ্যাপীঠত তিনি দিনীয়া গ্ৰীষ্মকালিন কাৰুকলা আৰু চিত্ৰকলাৰ কৰ্মশালা অনুষ্ঠিত কৰা হয়।

টংলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ঘতেশ্বৰ বৰুৱাই উক্ত কৰ্মশালা খন উদ্বোধন কৰি ব্যক্ত কৰি কয় যে শিল্প, কলা, সাহিত্য মানুহৰ অবিচ্ছেদ্য অংগ, এই সাধনা সমাজৰ কাৰণে উপকাৰী,মানুহৰ জীৱন সুন্দৰকৈ পৰিচালিত কৰিব পাৰে।আমাৰ মাজৰ পৰা হেৰাই যোৱা বস্তুবোৰক পুনৰাই উভতাই আনিব পাৰে। আমি ছাত্র -ছাত্ৰীক কলাৰ প্ৰতি শ্ৰদ্ধাশীল আৰু আকৰ্ষিত কৰিব লাগিব, শিল্প কলা লগত জড়িত ব্যক্তি অপকৰ্ম কৰিবলৈ মন নকৰে।

ইয়াৰ কাৰণে আমি অভিভাৱকে ছাত্র ছাত্ৰীক মোবাইল ব্যাধিৰ পৰা আঁতৰাই আনিব পাৰিলে নিশ্চয় সৎ পথলৈ আগৱাই যাব বুলি কয়।লটাছ ফাইন আৰ্ট এণ্ড ক্ৰাফ্ট ছোচাইটিৰ অধ্যক্ষ ৰঞ্জুল সূত্ৰধৰে আঁতধৰা কৰ্মশালা উদ্ধোধনী অনুষ্ঠান খনত উপস্থিত থাকে ওদালগুৰি জিলা বি জে পিৰ সম্পাদক জয়কান্ত শৰ্মা,যুৱ শিল্পী প্ৰিয়ম কল্পনা দাস, অৰূপ বড়ো আৰু লটাছ ফাইন আৰ্টৰ কলা শিক্ষক চন্ধীচৰণ বড়োয়ে ।

Leave A Reply