Breaking

Sun NGO ৰ প্ৰশংসনীয় পদক্ষেপ

0 114

দিনক- দিনে নিবনুৱা সমস্যা বৃদ্ধি পোৱাৰ বিপৰীতে আশাৰ বতৰা কঢ়িয়াই লৈ আনি সংস্থাপনৰ বাট দেখুৱাইছে ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ কুহিয়াঁৰকুছিৰ ’চান এনজিঅ’ই ৷ ২০১৬ বৰ্ষত সমাজ সেৱক বাপন বসুমতাৰী আৰু বকুল স্বৰ্গীয়াৰীৰ নেতৃত্বত গঠিত ’চান এনজিঅ’ই কুহিয়াৰকুছি মালদাংপাৰা গাঁৱৰ কেইগৰাকীমান নিবনুৱা যুৱক সকলক একগোট কৰি এইবেলি গাঁৱৰে কৃষক সকলৰ কৃষিভূমিত ৮০ বিঘা সৰিয়হ ,প্ৰায় ১৪ বিঘা আলু-মটৰৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ৷ উক্ত কৃষিভূমিত দৈনিক চোৱাচিতা কৰি আপডাল কৰিছে এনজিঅ’ৰ প্ৰধান বাপন বসুমতাৰী লগতে সদস্য সকলে ৷ মালদাংপাৰাৰ কৃষিভূমি বৰ্তমান সোণোৱালী ৰঙৰ দলিচা এখনহে যেন আৰি থৈছে এনে লাগে ৷

চৰকাৰৰ কোনো সহায়-সহযোগিতা অবিহনে বাপন বসুমতাৰী আৰু গকুল স্বৰ্গীয়াৰীৰ ঐকান্তিক প্ৰচেষ্টাৰে গঢ় দিয়া এনজিঅ’টোৱে প্ৰাৰম্ভিকভাৱে গাঁৱৰ নিবনুৱা যুৱক সকলক মাটিতে সোণ বুটলিব পাৰি এই মন্ত্ৰৰে আপ্লুত কৰি স্বাৱলম্বী হোৱাৰ পথ দেখুৱাইছে ৷ গাঁৱৰ পৰা দূৰ-দূৰনিলৈ কৰ্মসংস্থাপন বিচাৰি যাতে গাঁৱৰ ল’ৰা গাঁৱতে সংস্থাপন লাভ কৰিব পাৰে তাৰে সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ’চান এনজিঅ’ই ৷ উল্লেখ্য যে চৰকাৰে কৃষকৰ উন্নয়ণৰ নামত বিয়াগোম আঁচনি লৈছে যদিও কোনো সুবিধা লাভৰ পৰা বঞ্চিত ’চান এনজিঅ’ৰ কৃষক সকল ৷ যদিহে কৃষি বিভাগে উক্ত কুহিয়াৰকুছিৰ বৃহত্তৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰি দিলেহেতেন তেন্তে আৰু অধিক লাভাম্বিত হ’লহেতেন বুলি আক্ষেপেৰে উষ্মা প্ৰকাশ কৰিছে কৃষক সকলে ৷ অনাগত দিনত জিলাৰ কৃষি বিভাগে এই কুহিয়াঁৰকুছি মালদাংপাৰাৰ কৃষক সকলৰ উন্নয়ণৰ বাবে কি ব্যৱস্থা লয় এয়া হ’ব লক্ষণীয় বিষয়

Leave A Reply