Breaking

তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন অধ্যাপক সুনীল কান্ত বেহেৰাৰ দেহাৱসান

0 69

তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন অধ্যাপক সুনীল কান্ত বেহেৰাৰ দেহাৱসান, বৈজ্ঞানিক গৱেষণাৰ বাবে দান কৰিলে নশ্বৰদেহ।গণসংযোগ আৰু সাংবাদিকতাৰ শৈক্ষিক আৰু গৱেষণা জগতৰ প্ৰখ্যাত শিক্ষাবিদ অধ্যাপক সুনীল কান্ত বেহেৰাৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মঙলবাৰে বেৰহামপুৰৰ এম কে চি জি মেডিকেল কলেজ এণ্ড হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৭ বছৰ।উল্লেখযোগ্য যে, প্ৰয়াত বেহেৰাৰ শেষ ইচ্ছা অনুসৰি তেওঁৰ মৃতদেহ বৈজ্ঞানিক গৱেষণাৰ বাবে এম কে চি জি মেডিকেল কলেজলৈ দান কৰা হয় বুলি জানিবলৈ দিয়ে।


বুধবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা সুনীল কান্ত বেহেৰাৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। বেৰহামপুৰ বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতা আৰু গণসংযোগ বিষয়ত পি এইচ ডি সম্পূৰ্ণ কৰিছিল অধ্যাপক বেহেৰাই। তেওঁ প্ৰায় ৩৩খন বিশ্ববিদ্যালয়ৰ শ শ ছাত্ৰ-ছাত্ৰীক মেণ্টৰিং কৰিছিল। অসমৰ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ‘প্ৰফেছৰ অৱ এমিনেন্স’ হিচাপে বহুবছৰ শিক্ষাদান কৰাৰ লগতে ওড়িশাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়তো তেওঁ অতিথি অধ্যাপক আছিল। ইয়াৰ উপৰিও তেওঁ গণসংযোগ তথা সাংবাদিকতাৰ শৈক্ষিক তথা গৱেষণা জগতত কৃতিত্বৰ বাবে কেইবাখনো উল্লেখযোগ্য প্ৰকাশন আছিল। অধ্যাপক সুনীল কান্ত বেহেৰাৰ আকস্মিক মৃত্যুৰ খবৰে তেজপুৰ বিশ্ববিদ্যালয়ত শোকৰ ছাঁ পেলাইছে।

Leave A Reply