Breaking

বঙৰা মাজপাৰাত সুঁৱৰি উৎসৱ উদযাপন

0 100

পলাশবাৰীৰ বঙৰা মাজপাৰাত ৬৯ তম্ সুঁৱৰি উৎসৱ বুধবাৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰে। পুৱা ঊষা কীৰ্তনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত শ্ৰীমদ্ভাগৱত পাঠ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ভৱেন চন্দ্ৰ দাসে। ইয়াৰ পিছতে ধৰ্মধ্বজ্বা উত্তোলন কৰে মাজপাৰা ৰাইজ গয়ৰহৰ সভাপতি সুভাষ চৌধুৰীয়ে।

স্মৃতি-তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক নগেন নাথে। দিনৰ ৪ বজাত সুঁৱৰি উৎসৱৰ মূল মঞ্চত বন্তি‌ প্ৰজ্বলন কৰে ডাঙৰ কৈটাসিদ্ধি সত্ৰৰ পাঠক প্ৰাণেশ্বৰ নাথে। সুঁৱৰি উৎসৱৰ মঞ্চ ‌মুকলি‌ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক পুলিন তালুকদাৰে।

সমাজকৰ্মী গণেশ চন্দ্ৰ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত উদ্ধোধনি সভাত মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য তথা সাংবাদিক, লেখক দীপক শৰ্মা, বিশিষ্ট অতিথি হিচাপে কবি-লেখিকা পুতুলী ঠাকুৰীয়া মেধিয়ে অংশ লয় । সভাতে ৰাইজৰ সভা-সমিতিৰ “সাৰা” ( নিমন্ত্ৰণ কৰোঁতা) নবীন নাথক ফুলাম গামোচা, চেলেং চাদৰ, ধুতি, দীঘল চাটি আদিৰে সন্মান জ্ঞাপন কৰে।

সভাত লেখক ৰমেশ চন্দ্ৰ তালুকদাৰ, সমাজকৰ্মী চিত্ৰলেখা চৌধুৰী প্ৰভৃতিয়ে অংশ লয় । অনুষ্ঠানটি নিয়াৰিকৈ আঁত ধৰে সুঁৱৰি উৎসৱৰ সভাপতি নৱ কুমাৰ নাথ, উপ-সভাপতি ভবেন্দ্ৰ তালুকদাৰ, সাধাৰণ সম্পাদক অপূৰ্ব তালুকদাৰ, সহ: সম্পাদক তপন ঠাকুৰীয়া, নয়ন জ্যোতি নাথ, কোষাধ্যক্ষ ভবেন কলিতাই।

ইয়াৰ পিচতে মহাপ্ৰভু শ্ৰীকৃষ্ণৰ শৈশৱ কালৰ জীৱনৰ আধাৰত উপস্থাপন কৰি এক মনোৰম শৈলীৰে সুঁৱৰি উৎসৱৰ নাট উপস্থাপন কৰে শ্ৰীকৃষ্ণৰ ল’ৰালী কালৰ বলোৰাম, দাম, সুদাম, নাৰদ, বাৰ গোপাল, বাৰ গোপিনী, মহাদেৱ-পাৰ্বতী আদি চৰিত্ৰ ৰূপায়ন কৰে ।

বিভিন্ন প্ৰান্তৰ শত- হেজাৰোধিক ধৰ্মপ্ৰাণ মানুহ সমবেত হয়। নিশালৈ “ত্ৰিকাল নাট্য দল” ৰ যাত্ৰাভিনয় প্ৰদৰ্শন কৰা হয় ।

Leave A Reply