Breaking

ছুপাৰ ছানডে, দেওবাৰে ক্ৰিকেট মহাৰণ উপভোগ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে…

0 67

ছুপাৰ ছানডে।

কাইলে ক্ৰিকেট বিশ্বকাপৰ ফাইনেল।

আগ্ৰহেৰে অপেক্ষা ক্ৰিকেটপ্ৰেমীৰ।

মুখামুখি হ’ব দুই মহাশক্তি।

ভাৰত বনাম অষ্টেলিয়া।

২০০৩ৰ বিশ্বকাপৰ পিছত ২০২৩।

মাজত কেইটামান ঘণ্টা। কাইলৈ অৰ্থাত দেওবাৰে আহমেদাবাদত অনুষ্ঠিত হ’ব বিশ্বকাপৰ ফাইনেল মেচ। ২০০৩ৰ বিশ্বকাপৰ পিছত ২০২৩। সুদীৰ্ঘ দুটা দশকৰ অন্তত এদিনীয়া বিশ্বকাপৰ মঞ্চত সমুখ সমৰত নামিব ভাৰত বনাম অষ্ট্ৰেলিয়া। অনুশীলত ব্যস্ত দলৰ প্ৰতিগৰাকী খেলুৱৈ। ১ লাখ ৩০ হাজাৰ আসনবিশিষ্ট নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বিশ্বকাপ ২০২৩ৰ মহা ফাইনেল চাবলৈ সমাগম ঘটিছে হাজাৰ হাজাৰ ক্ৰিকেট অনুৰাগীৰ।

আনহাতে বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে মহম্মদ ছামীলৈ।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ উপহাৰ।

মহম্মদ ছামিৰ নামত ছামিৰ জন্মস্থান অমৰোহা জিলাৰ গাঁৱত নিৰ্মাণ কৰিব ষ্টেডিয়াম।

ভাৰত আৰু নিউজিলেণ্ডৰ ছেমি ফাইনেল মেচত ৭ টা উইকেট দখল কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট এদিনীয়াত ৭ উইকেট দখল কৰা প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হৈছিল মহম্মদ ছামি।

এই ক্ৰিকেট মহাৰণ উপভোগ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও।

ইয়াৰ উপৰিও বিশ্বকাপ ক্ৰিকেটৰ ফাইনেললৈ আহিব বিখ্যাত পপষ্টাৰ গায়িক ডুয়া লিপা।

পপষ্টাৰ ডুৱা লিপাৰে পৰিৱেশন কৰিব সংগীতানুষ্ঠান।

ক্ৰিকেট অনুৰাগীৰ উৎকণ্ঠাৰ অন্ত নাই।

অপেক্ষা মাথোঁ দেওবাৰলৈ।

Leave A Reply