Breaking

উত্তৰ–পূর্বাঞ্চলত বন্ধ ৰন্ধন গেছৰ সৰবৰাহ

0 2,051

নর্থ–ইষ্ট পেক এলপিজি ড্রেন্সপ’টাৰ এছ’চিয়েচনে’ তেওঁলোকৰ বিভিন্ন দাবীৰ সমর্থনত আজিৰে পৰা অনির্দিষ্টকালীন ধর্মঘট কার্যসূচী হাতত লৈছে৷ আজি পুৱা ৬ বজাৰ পৰা আৰম্ভ কৰা এই ধর্মঘটৰ ফলত উত্তৰ গুৱাহাটী ৰন্ধন গেছ বটলিং প্লাণ্টকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ মুঠ ৮টা প্লাণ্টৰ গেছ সৰবৰাহ সম্পূর্ণভাৱে বন্ধ হৈ পৰিছে৷ এই ধর্মঘটৰ বাবে ৰাজ্যত পুনৰ ৰন্ধন গেছৰ নাটনিয়ে দেখা দিব যদিও ইয়াৰ বাবে সংগঠনটো কোনো কাৰণতে জগৰীয়া নহয় বুলি স্পষ্ট কৰি দিছে এলপিজি পৰিবহণ সন্থাই৷ সংগঠনটোৰ সভাপতি নিৰঞ্জন মহন্ত, কার্যকৰী সভাপতি জয়ন্ত কুমাৰ নাথ, যুটীয়া সম্পাদক সঞ্জীৱ চৌধুৰী,বলীন মৰাণে কয় যে মূলতঃ ৭টা দাবীৰ সমর্থনত তেওঁলোকে এই ধর্মঘটৰ কার্যসূচী হাতত লৈছে৷

দাবীসমূহৰ ভিতৰত আছে নিবিদাৰ নিৰিখ বঢ়োৱা, গেছ বিতৰকক দি অহা অগ্রাধিকাৰ উঠাই দিয়া,RTKMৰ ধন মোকলাই দিয়া, টোলগেটৰ ধন মোকলাই দিয়া, এখন ট্ৰাকত সর্বাধিক ৩০৬টা চিলিণ্ডাৰ কঢ়িওৱা ব্যৱস্থা বাহাল ৰখা, নিবিদা জমা দিয়াৰ দিন তিনি মাহৰ বাবে বঢ়াই দিয়া আৰু ‘Tender bid submission’ বন্ধ ৰখা৷

সংগঠনটোৱে জানিবলৈ দিছে যে বর্তমান সময়ত সংগঠনটোৰ পঞ্জীয়নভুক্ত প্রায় ২ হাজাৰ গেছ চিলিণ্ডাৰ সৰবৰাহ কৰা গাডী সমগ্র উত্তৰ–পূর্বাঞ্চলত চলি আছে৷ লগতে এই গাড়ীসমূহৰ লগত প্রত্যক্ষ আৰু পৰোক্ষভাৱে জডিত হৈ আছে প্রায় ৫ হাজাৰ লোক৷ কিন্তু এই থলুৱা লোকসকলক বঞ্চিত কৰি আই অ’ চি কর্তৃপক্ষই ধনী ব্যৱসায়ীক ৰঙা দলিচা পাৰি দিয়াৰ যি ব্যৱস্থা কৰিছে, সেয়া সংগঠনটোৱে কোনো কাৰণতে মানি নলয় বুলি স্পষ্ট কৰি দিছে৷ পৰিবহণ সন্থাটোৰ দাবীৰ প্রতি আই অ’ চি কর্তৃপক্ষই সঁহাৰি নজনালে আন্দোলন দীঘলীয়া হোৱাৰ হুংকাৰ দিছে সংগঠনটোৱে৷ ইফালে, এই ধর্মঘটৰ ফলত উত্তৰ গুৱাহাটী এলপিজি বটলিং প্লাণ্টৰ বাহিৰে–ভিতৰে শ শ গেছ সৰবৰাহকাৰী গাড়ী আবদ্ধ হৈ পৰিছে৷

Leave A Reply