Breaking

ক’ভিশ্বিল্ড ভেকছিনৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হ’ল উচ্চতম ন্যায়ালয়…

0 21

ক’ভিশ্বিল্ড ভেকছিনৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হৈছে উচ্চতম ন্যায়ালয়৷ উচ্চতম ন্যায়ালয়ে ভাৰতীয় চিৰাম ইনষ্টিটিউটৰ দ্বাৰা নিৰ্মিত আৰু এই দেশত ক’ভিশ্বিল্ড হিচাপে বিক্ৰী কৰা ব্ৰিটিছ ফাৰ্মাচিউটিকেল কোম্পানী এষ্ট্ৰাজেনেকা আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা যুটীয়াভাৱে বিকশিত কোভিড-১৯ৰ ভেকছিনৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হৈছে৷ শুনানিৰ বাবে অৱশ্যে এতিয়ালৈকে তাৰিখ নিৰ্ধাৰণ কৰা হোৱা নাই৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে বিষয়টো সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰিছে৷ আদালতত দাখিল কৰা আবেদনত ভেকছিন বিধৰ পাৰ্শ্বক্ৰিয়াৰ অনুসন্ধানৰ বাবে বিশেষজ্ঞ পেনেল গঠনৰ দাবী আৰু ঔষধ গ্ৰহণ কৰাৰ পিছত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰাৰ বাবে দাবী জনোৱা হৈছে।

অৱশ্যে আবেদনখনৰ আগতীয়া শুনানি গ্ৰহণ কৰা নহ’ব। আবেদনখনত এনে উদাহৰণ দাবী দাঙি ধৰা হৈছে য’ত যিসকলে ভেকছিন গ্ৰহণ কৰি অক্ষম হৈ পৰাৰ কথা কোৱা হৈছে৷ তেওঁলোকৰ বাবেও ক্ষতিপূৰণ প্ৰদান কৰাৰ বাবে নিৰ্দেশনা দিয়াটো বিচাৰিছে আবেদনকাৰীয়ে৷ উল্লেখ্য শেহতীয়াকৈ এষ্ট্ৰাজেনেকাই কৈছে যে ক’ভিশ্বিল্ড ভেকছিনৰ ক্ষেত্ৰত টিটিএছ, বা থ্ৰম্বোচাইটোপেনিয়া চিণ্ড্ৰোমৰ বিৰল পাৰ্শ্বক্ৰিয়া হ’ব পাৰে৷ ই হৈছে এনে এক স্থিতি যাৰ ফলত তেজ গোট মাৰিব পাৰে আৰু প্লেটলেটৰ সংখ্যা হ্ৰাস কৰিব পাৰে৷ জেমি স্কট নামৰ লোকজনে কৰা অভিযোগৰ পিছত আদালতত এষ্ট্ৰাজেনিকাই ভেকছিনৰ পাৰ্শ্বক্ৰিয়াৰ কথা স্বীকাৰ কৰিছিল৷ স্কটে দাবী কৰিছিল যে ২০২১ চনৰ এপ্ৰিল মাহত ভেকছিন গ্ৰহণৰ পিছত তেওঁৰ মগজুত তেজ গোট মাৰিছিল, ফলত স্থায়ী ভাৱে মগজু ক্ষতিগ্ৰস্ত হৈছিল। ভাৰতত ব্যাপকভাৱে প্ৰয়োগ কৰা হৈছিল ক’ভিশ্বিল্ড ভেকছিন৷ এই ভেকছিনৰ সম্ভাৱ্য পাৰ্শ্বক্ৰিয়াৰ খবৰে সেয়ে ভাৰতত উদ্বেগৰ সৃষ্টি কৰিছে৷

Leave A Reply