Breaking

যোগ গুৰু ৰামদেৱলৈ চমন উচ্চতম ন্যায়ালয়ৰ…

0 23

বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ গোচৰত উচ্চতম ন্যায়ালয়ে ৰামদেৱলৈ চমন জাৰি কৰিছে। এই গোচৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰাৰ অভিযোগ উত্থাপন হৈছে যোগ গুৰুৰ কোম্পানী পতঞ্জলিৰ বিৰুদ্ধে। কিয় পতঞ্জলিয়ে বাৰে বাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা কৰিছে সেই সন্দৰ্ভত ব্যাখ্যা বিচাৰি উচ্চতম ন্যায়ালয়লৈ ৰামদেৱলৈ চমন জাৰি কৰিছে।

বিভ্ৰান্তিকৰ বিজ্ঞাপনক লৈ কেইবাবাৰো উচ্চতম ন্যায়ালয়ৰ ৰোষৰ সন্মুখীন হৈছে পতঞ্জলি। যোৱা বছৰৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে কৈছিল যে ভুৱা তথ্য থকা বিজ্ঞাপনত কোটি টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। কেৱল ৰামদেৱেই নহয়, পতঞ্জলিৰ বিজ্ঞাপনক লৈ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে উচ্চতম ন্যায়ালয়।



২১ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে ৰামদেৱৰ সংগঠনক কঠোৰ সতৰ্কবাণী জাৰি কৰিছিল। শীর্ষ আদালতে তেওঁক বিভিন্ন ৰোগৰ নিৰাময় হিচাপে তেওঁৰ কোম্পানীৰ বিজ্ঞাপনত ‘মিছা আৰু বিভ্ৰান্তিকৰ দাবী’ কৰা বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল। যদি নকৰে, তেন্তে প্ৰতিটো দাবীৰ বাবে জৰিমনা হিচাপে ১ কোটি টকা দিবলৈ সাজু হ’ব লাগে ৰামদেৱৰ কোম্পানী।


Leave A Reply