Breaking

সামান্য সকাহঃ নিৰ্বাচনৰ মাজতে ৭ মে’ত কেজৰিৱালৰ অন্তৰ্ৱতীকালীন জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে…

0 17

আপৰ বাবে সামান্য সকাহ। লোকসভা নিৰ্বাচনৰ মাজতে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আগতীয়া জামিনৰ আবেদনৰ শুনানিৰ বাবে সন্মত হয়। গোচৰটোৰ শুনানি ৭ মে’ত অনুষ্ঠিত হ’ব। আদালতে কয় যে লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ থকাৰ বাবেই কেজৰিৱালৰ জামিন আবেদনৰ দ্ৰুত শুনানি কৰিব। ইডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ বিৰুদ্ধে আবকাৰী কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছে।

সেই অভিযোগৰ ভিত্তিতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। কেজৰিৱালে কৰা জামিন আবেদনৰ শুনানি উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিবলৈ লোৱা সিদ্ধান্তই যথেষ্ট আশাবাদী কৰি তুলিছে আপক। ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপংকৰ দত্তৰ খণ্ড বিচাৰপীঠে শুকুৰবাৰে কেজৰিৱালৰ জামিন আেদনৰ শুনানি ৭ মে’ত গ্ৰহণ কৰিব বুলি ঘোষণা কৰে। সহকাৰী ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে ইডিৰ হৈ আদালতত উপস্থিত আছিল। গোটেই গোচৰটোৰ শুনানি গ্ৰহণৰ বাবে আদালতক দীঘলীয়া সময় লাগিব। সেয়েহে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে দাখিল কৰা জামিন আবেদনৰ প্ৰথমে শুনানি গ্ৰহণ কৰা হ’ব। ৰাজুৱে তেতিয়া কয় যে তেওঁলোকে জামিনৰ বিৰোধিতা কৰিব।

Leave A Reply