Breaking

কাজাখাস্তানৰ এছিয়ান ফেন্সিঙলৈ কাকপথাৰৰ সুপ্ৰিয়া বৰা নিৰ্বাচিত…

0 73

কাজাখাস্তানৰ এছিয়ান ফেন্সিঙলৈ কাকপথাৰৰ সুপ্ৰিয়া বৰা নিৰ্বাচিত
কাজাখাস্তানৰ আলমাটিত অনুষ্ঠিত হ’বলগীয়া আগন্তুক ২৩ বছৰৰ অনুৰ্ধ এছিয়ান ফেন্সিং প্ৰতিযোগিতাৰ ভাৰতীয় দলটোত স্থান পাইছে কাকপথাৰ অঞ্চলৰ ডিৰাক নৱজ্যোতি গাঁৱৰ সুপ্ৰিয়া বৰা(২০)ই ।

তেওঁ ফেন্সিঙৰ ছেৱাৰ শাখাত অংশগ্ৰহণ কৰিব । গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পঞ্চম ষাণ্মাষিকৰ অসমীয়া বিভাগৰ ছাত্ৰী সুপ্ৰিয়াৰ পিতৃ কেশৱ বৰা আৰু মাতৃ বৰ্ণালী বৰা ।

জনা গৈছে যে অহা ৩ অক্টোবৰত তেওঁ কাজাখাস্তানলৈ যাব ৷ খেলুৱৈগৰাকীক চুতীয়া উন্নয়ন পৰিষদৰ উপাধ্যক্ষ জ্যোতিপ্ৰসাদ চুতীয়া, ডিৰাক সীমান্তৱৰ্তী আঞ্চলিক চুতীয়া জাতি সন্মিলন আৰু কাকপথাৰ আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই শুভেচ্ছা জ্ঞাপন কৰিছে ।

Leave A Reply