Breaking

পৰিয়ালৰ সৈতে জন্মদিন উদযাপন সুৰেশ ৰাইনাৰ…

0 59

সুৰেশ ৰাইনাৰ জন্মদিনঃ ছচিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে এখন ছবি। এই ছবিখনত সুৰেশ ৰাইনাক পৰিয়ালৰ সৈতে জন্মদিন উদযাপন কৰা দেখা গৈছে। এই ফটোখনত ৰাইনাৰ পত্নীৰ উপৰিও তেওঁৰ দুয়োটি সন্তানো আছে। ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনাই ৩৭ সংখ্যক জন্মদিন উদযাপন কৰিছে। উত্তৰ প্ৰদেশৰ হৈ ঘৰুৱা খেল খেলা সুৰেশ ৰাইনাই ১৮খন টেষ্ট মেচৰ উপৰি ২২৬খন এদিনীয়া আৰু ৭৮খন টি-২০ মেচত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

সুৰেশ ৰাইনাই ছ’চিয়েল মিডিয়াত ছবিখন শ্বেয়াৰ কৰিছে। অনুৰাগীসকলে ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক জন্মদিনৰ শুভেচ্ছা জনাইছে। লগতে এই ফটো কেপচনত সুৰেশ ৰাইনাই তেওঁৰ জন্মদিনৰ শুভেচ্ছা জনোৱা সকলক ধন্যবাদ জ্ঞাপন কৰিছে।

Leave A Reply