Breaking

আই টি বিভাগৰ বিবিচিৰ দিল্লী, মুম্বাই কাৰ্যালয়ত ‘জৰীপ অভিযান’; কংগ্ৰেছৰ তীব্ৰ প্ৰতিক্ৰিয়া

0 62

মঙলবাৰে (১৪ ফেব্ৰুৱাৰী, ২০২৩) আয়কৰ বিভাগৰ বিষয়াসকলে দিল্লী আৰু মুম্বাইত থকা বিবিচিৰ কাৰ্যালয়ত এক জৰীপ অভিযান চলাই।

শেহতীয়া খবৰ অনুসৰি আই টি বিভাগে কোম্পানীটোৰ ব্যৱসায়িক পৰিচালনা আৰু ইয়াৰ ভাৰতীয় শাখাৰ সৈতে জড়িত নথি-পত্ৰৰ ওপৰত চকু ৰাখিছে।

এক সমীক্ষাৰ অংশ হিচাপে বিভাগটোৱে কেৱল কোম্পানী এটাৰ ব্যৱসায়িক চৌহদহে সামৰি লয় আৰু ইয়াৰ প্ৰমোটাৰ বা পৰিচালকৰ বাসগৃহ আৰু অন্যান্য স্থানত অভিযান নকৰে।


ইফালে, আই টি বিভাগে বিবিচিৰ কাৰ্যালয়ত কৰা তালাচীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছে ইয়াক “অঘোষিত জৰুৰীকালীন” বুলি অভিহিত কৰে।

তৃণমূল কংগ্ৰেছৰ সাংসদ মাহুৱা মইত্ৰেও নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনক উদ্দেশ্য কৰি কয়, “বিবিচিৰ দিল্লী কাৰ্যালয়ত আয়কৰ অভিযানৰ প্ৰতিবেদন। বাহ, সঁচাকৈয়ে? কিমান অপ্ৰত্যাশিত।”

প্ৰধানমন্ত্ৰী মোডী আৰু ২০০২ চনৰ গুজৰাট দাঙ্গা সম্পৰ্কে যুক্তৰাজ্যৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰক তথ্যচিত্ৰক লৈ বিতৰ্কৰ মাজতে বিবিচিৰ কাৰ্যালয়ত এই সমীক্ষা অভিযান চলোৱা হৈছে।

B

যোৱা মাহত চৰকাৰে বিতৰ্কিত তথ্যচিত্ৰখনৰ লিংক শ্বেয়াৰ কৰা একাধিক ইউটিউব ভিডিঅ’ আৰু টুইটাৰ পোষ্ট ব্লক কৰাৰ নিৰ্দেশ জাৰি কৰিছিল। ইয়াৰ পিছতে ৩ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে তথ্যচিত্ৰখন ব্লক কৰাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা পৃথক পৃথক আবেদনসমূহৰ সন্দৰ্ভত কেন্দ্ৰ আৰু অন্যান্যৰ পৰা সঁহাৰি বিচাৰিছিল।

শীৰ্ষ আদালতে কেন্দ্ৰীয় চৰকাৰক বিবিচিৰ তথ্যচিত্ৰখন ব্লক কৰাৰ সিদ্ধান্তৰ সৈতে জড়িত মূল অভিলেখ প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছিল।

Leave A Reply