Breaking

দৰং জিলাৰ সুস্মিতা ডেকাই অংশগ্ৰহণ কৰিব উত্তৰ প্ৰদেশত অনুষ্ঠিত হবলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগাসন প্ৰতিযোগীতাত…

0 63

দৰং জিলাৰ মঙ্গলদৈ বিধানসভা সমষ্টিৰ ঔতলা গাওঁ পঞ্চায়তৰ অন্তৰ্গত কপিলিসত্ৰ গাঁৱৰ নিবাসী পিতৃ ডিম্বেশ্বৰ ডেকা আৰু মাতৃ নিতুমনি ডেকাৰ ছোৱালী শ্ৰীসুস্মিতা ডেকাই KHELO INDIA ASMITA ৰ ৰাজ্যিক পৰ্যায়ৰ যোগাসন প্ৰতি যোগিতাৰ RHYTHMIC PAIR JUNIOR EVENT ত প্ৰথম স্হান দখল কৰি অসম দলৰ হৈ খেলিবলৈ সুযোগ লাভ কৰিছে ।

মাৰ্চ মাহৰ ৮ তাৰিখৰ পৰা উত্তৰ প্ৰদেশত অনুষ্ঠিত হবলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগাসন প্ৰতিযোগীতাত সুস্মিতা ই অংশগ্ৰহণ কৰিব । আজি সুস্মিতা উত্তৰ প্ৰদেশলৈকে ৰাওনা হ’ব । এই শুভ মুহূৰ্তত সুস্মিতা লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ । সুন্দৰ পদৰ্শনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনক তাকে কামনা কৰিলোঁ । ভগৱানে সুস্মিতা ক শক্তি প্ৰদান কৰক ।

সুস্মিতা ৰ এই যাত্ৰাৰ সময়ত মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, মঙ্গলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাস, মঙ্গলদৈ ক্ৰীড়া সন্থাৰ সভাপতি গুৰুজ্যোতি দাস,অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়াৰ লগতে কেইবাগৰাকীও ব্যক্তি তথা বিভিন্ন দ’ল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰে।

Leave A Reply