Breaking

বৰাক উপত্যকাৰ হিন্দু মুছলমান বাঙালীক খিলঞ্জীয়া বাভূমিপুত্রৰ মর্যাদা দিয়াৰ দাবী সুস্মিতাৰ…

0 10

বৰাক উপত্যকাৰ হিন্দু মুছলমান বাঙালীক খিলঞ্জীয়া বা
ভূমিপুত্রৰ মর্যাদা দিয়াৰ দাবি সুস্মিতাৰ

বৰাক উপত্যকাৰ হিন্দু মুছলমান বঙালী যিয়েই নহওক কিয়, তেওঁলোকক অসমৰ খিলঞ্জীয়া বা ভূমিপুত্ৰৰ মৰ্যাদা দিব লাগে। সোমবাৰে শিলচৰ তাৰাপুৰৰ নিজ গৃহত এটা সংবাদমেলযোগে ৰাজ্যসভাৰ সাংসদ তথা তৃণমূল কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে এই দাবী উত্থাপন কৰিছে। তেওঁ কয়, ডা. হিমন্ত বিশ্ব শৰ্মা যদি খিলঞ্জীয়া হয়, তেন্তে সুস্মিতা দেৱ খিলঞ্জীয়া।বিজেপি আৰু ড. হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰতিদিনে বাঙালীৰ নাগৰিক অধিকাৰ কাঢ়ি লৈছে। বাঙালীসকলক বৈষম্য আৰু বঞ্চনা কৰি খিলঞ্জীয়াৰ (আদি বাসিন্দা) মৰ্যাদা দিবলৈ নিবিচাৰে। কিন্তু মুখ্যমন্ত্ৰীয়ে নিজৰ ইচ্ছামতে আজি এটা সম্প্ৰদায়, কাইলৈ ​​আন এটা সম্প্ৰদায় খিলঞ্জীয়া বুলি অভিহিত কৰিছে। সুস্মিতা দেৱে কয়, মুখ্যমন্ত্ৰী হিমন্ত‌ বিশ্ব শৰ্মা তেওঁ যেন আইন, আৰু যেতিয়া মন যায়, তেতিয়া খিলঞ্জীয়া বুলি মৰ্যাদা দিছে।

সুস্মিতাই লগতে কয় যে ,মুখ্যমন্ত্রীয়ে এটা নিয়ম বনাইছে যে তিনি পুৰুষ ধৰি বসবাস নকৰিলে ৰাজ্যত কাকো মাটিৰ পট্টা দিয়া নহ’ব৷ইয়াত উদ্দেশ্য স্পষ্ট যে কোনো কাৰণতে বাঙালীক ভূমিৰ অধিকাৰ দিয়া নহ’ব। বাঙালীৰ অপৰাধ কি, বুলি প্ৰশ্ন উত্থাপন কৰি সুস্মিতা কয়, মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে ৰাজ্যৰ যিকোনো বাঙালীৰ বাবে, তেওঁলোক হিন্দু হওক বা মুছলমান হওক তেওঁলোকক পূৰ্ণ নাগৰিক হিচাপে গ্ৰহণ কৰিবলৈ অনিচ্ছুক । কিন্তু ইতিহাসত সাক্ষ্য দিয়ে যে ১৮৭৪ চনত চিলেট-গোৱালপাৰাৰ সৈতে অসমৰ নতুন প্ৰদেশ গঠন হৈছিল। ১৯৪৭ চনৰ গণভোটত চিলেট পাকিস্তানলৈ গৈছিল। তেতিয়া হিন্দু বঙালীসকলে ভাৰতলৈ প্ৰব্ৰজন কৰিছিল।

এই ক্ষেত্ৰত স্পষ্ট যে আজি যিসকলক বিজেপি আৰু হিমন্তই বহিৰাগত সজাই তেওঁলোকৰ অধিকাৰ কাঢ়ি লৈছে তেওঁলোক অসমৰ আদি বাসিন্দা আৰু ইয়াৰ আদি বাসিন্দা হৈছে বঙালী মুছলমান সকল। এনে ক্ষেত্ৰত পিছত কাৰ্বি, আহোম বা বড়ো সকলৰ দৰে বঙালীসকল ক’ত পৃথক? তেওঁ কয়, বৰাকৰ বঙালী সকল দেশ বিভাজনৰ পূৰ্বে অসমত আছিল। আৰু বিভাজনৰ পাছতো তেওঁলোক অসমতে আহিছে। এই ক্ষেত্ৰত বৰাকৰ বাঙালীসকল কমেও ছয় পুৰুষ ধৰি অসমৰ আদি বাসিন্দা। বৰাকৰ মুছলমানসকলো তেনেকুৱাই। তেওঁ কয়,ইয়াৰ পৰিপ্ৰেক্ষিতত আমাৰ দাবী যে, বৰাক উপত্যকাৰ হিন্দু মুছলমান বাঙালীসকলক অসমৰ খিলঞ্জীয়া বা ভূমিপুত্ৰৰ মৰ্যাদা দিব লাগে।অসমত এজন হিমন্ত বিশ্ব শৰ্মা যিমানেই খিলঞ্জীয়া সিমানেই সুস্মিতা দেৱ এজন খিলঞ্জীয়া বুলি তেওঁ উদাহৰণ তুলি ধৰে। সুস্মিতা দেৱে কয়, শীঘ্ৰেই তেওঁৰ দাবী পূৰণ নহ’লে আদালতৰ কাষ চাপিব তেওঁ।

Leave A Reply