Breaking

‘শপত খাইছিল ছবিৰ লগত কোনো সম্পৰ্ক নাৰাখে বুলি’, অভিনেতা হ’ব বিচৰা নাছিল আমিৰ খানে…

0 34

বলীউডৰ মিষ্টাৰ পাৰ্ফেকচনিষ্ট আমিৰ খানে নিজৰ চলচ্চিত্ৰ কেৰিয়াৰত বহু হিট আৰু ছুপাৰহিট দিছে। কিন্তু আপুনি জানেনে আমিৰ খানে কেতিয়াও অভিনেতা হ’ব বিচৰা নাছিল। আমি নহয় আমিৰ খানে নিজেই এই কথা কৈছিল সাক্ষাৎকাৰৰ সময়ত। আমিৰ খানে কয় যে সৰুতে তেওঁ শপত খাইছিল যে তেওঁৰ প্ৰযোজক বা ছবিৰ লগত কেতিয়াও কোনো সম্পৰ্ক নাথাকিব। আমিৰ খানে ১৯৮৮ চনত মুভি মেগাজিনক এটা সাক্ষাৎকাৰ দিছিল, যিটো পুনৰবাৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। সাক্ষাৎকাৰত আমিৰ খানক যেতিয়া সোধা হৈছিল যে তেওঁ অভিনেতা হ’ব বিচাৰে নেকি, তেতিয়া অভিনেতাজনে উত্তৰ দিছিল – ‘সৰুতে মই লাজ লগা, বুজিব নোৱাৰা আৰু অদ্ভুত আছিলোঁ। অভিনয় মোৰ চিন্তাৰ পৰা বহু দূৰত আছিল, মোৰ ছবিৰ সংযোগে মোক আৰু বেছি হতাশ কৰিছিল। মোৰ দেউতাই (তাহিৰ হুছেইন, প্ৰযোজক হোৱাৰ বাবে) পৰিচালক আৰু শিল্পীক ধন দিছিল, তথাপিও মই তেওঁক অনুসৰণ কৰিবলগীয়া হৈছিল।আমীৰ খানে কৈছিল- ‘এই সকলোবোৰ দেখাৰ পিছত মই শপত খাইছিলোঁ যে মই কেতিয়াও প্ৰযোজক নহও আৰু ছবিৰ লগত কোনো সম্পৰ্ক নাথাকিব।

আমিৰ খানে এই সাক্ষাৎকাৰটোত কৈছিল- ‘অভিনয় তেওঁৰ বাবে এক দুৰ্ঘটনাৰ দৰে আছিল। অমিতাভ ভট্টাচাৰ্যই এখন চুটি ছবিৰ বাবে তেওঁৰ ওচৰলৈ গৈছিল, যিখন ছবি তেওঁ মহোৎসৱলৈ পঠিয়াব বিচাৰিছিল। আমিৰে কৈছিল যে তেওঁ বৰ আনন্দত হয় বুলি কৈছিল। তেতিয়া তেওঁৰ অভিজ্ঞতা উৎকৃষ্ট আছিল আৰু তেওঁ অভিনয় কৰিব পাৰিব বুলি আত্মবিশ্বাসো লাভ কৰিছিল। ইয়াৰ পিছত তেওঁৰ মন সলনি হ’ল আৰু তেওঁ অভিনয়ক পেছা হিচাপে বাছি লৈছিল।


Leave A Reply