Breaking

বেডমিণ্টন খেলুৱৈ মাথিয়াছ বোৰৰ সৈতে বিৱাহপাশত আবদ্ধ হ’বলৈ সাজু অভিনেত্ৰী তাপসী পান্নু…

0 41

ডেনমাৰ্কৰ বেডমিণ্টন খেলুৱৈ মাথিয়াছ বোৰ সৈতে মাৰ্চ মাহত বিৱাহপাশত আবদ্ধ হ’বলৈ সাজু অভিনেত্ৰী তাপসী পান্নু। উদয়পুৰত অনুষ্ঠিত হ’ব বিৱাহৰ সকলো অনুষ্ঠান।

দীৰ্ঘদিনীয়া প্ৰেমিক বেডমিণ্টন খেলুৱৈ মাথিয়াছ বোৰৰ সৈতে বিয়াৰ খবৰ পাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বলীউডৰ অভিনেত্ৰী তাপসী পান্নুৱে। মঙলবাৰে কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ডাংকিৰ অভিনেত্ৰীগৰাকীয়ে ২০২৪ চনৰ মাৰ্চ মাহত উদয়পুৰত মাথিয়াছৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ সাজু হৈছে। অৱশ্যে তেওঁলোকৰ বিয়াৰ তাৰিখ এতিয়াও প্ৰকাশ কৰা হোৱা নাই।

অভিনেত্ৰাগৰাকীৰ বয়স ৩৬ বছৰ, মাথিয়াছৰ বয়স ৪৩ বছৰ। ডেনমাৰ্কৰ এজন সুপৰিচিত বেডমিণ্টন খেলুৱৈ। কেইবাটাও খিতাপ জয় কৰাৰ পিছত ২০২০ চনত এই ক্ৰীড়াৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে।বৰ্তমান তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় বেডমিণ্টন দলৰ পুৰুষৰ ডাবলছ প্ৰশিক্ষক।

Leave A Reply